লাহৰীঘাট বজাৰত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ মৰিগাঁও জিলা সমিতিৰ অন্তৰ্গত লাহৰীঘাট আঞ্চলিক সমিতিয়ে লাহৰীঘাট সমজিলা আয়ুক্তলৈ আজি কেইবাটাও দাবী সম্বলিত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে।লাহৰীঘাট বজাৰত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ দাবী উত্থাপন কৰি এই স্মাৰক পত্ৰ প্ৰদান কৰে আমছুয়ে। উল্লেখ্য যে, লাহৰীঘাট বজাৰৰ গড়কাপ্তানী পথৰ দুয়োকাষে একাংশ লোকে অবৈধভাৱে দখল কৰি দোকান দিয়া ফলত যান-জঁটৰ সৃষ্টি হোৱাত যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজৰ লগতে স্কুল – কলেজৰ ছাত্ৰ ছাত্ৰী সকলে।অবৈধ বেদখলকাৰী সকলক অতিশীঘ্ৰে উচ্ছেদৰ লগতে ই ৰিক্সা সমূহৰ অতপালি নিয়ন্ত্ৰণলৈ আনিবলৈ দাবী উত্থাপন কৰি আজি সমজিলা আয়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে আমছুৱে।
লাহৰীঘাটৰ পৰা আফতাপ হুছেইনৰ ৰিপ’ৰ্ট