নগাঁওৰ চামগুৰিৰ বকুলতলত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ পুণ্য তিথিত ভাৰতীয় জনতা পাৰ্টি পুৰণিগুডাম মণ্ডলৰ ব্যৱস্থাপনাত চামগুৰিৰ নৱ গঠিত বঢ়মপুুুৰ সমষ্টিৰ বকুলতল নাট্য মন্দিৰত আজি বলিদান দিৱস হিচাপে পালন কৰে ৷ “বলিদান দিৱস”ৰ কাৰ্যসূচীত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী উপস্থিত হৈ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷

উপ-নিৰ্বাচনত বিজেপিৰ চামগুৰিৰ তত্বাৱধায়কৰ দ্বায়িত্ব গ্ৰহণ কৰা বিধায়ক জিতু গোস্বামীক এইবাৰ উপ নিৰ্বাচনত টিকত দিয়া সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্ন উত্তৰত কয় যে, প্ৰতিজন দলীয় কাৰ্যকৰ্তা আৰু ৰাইজৰ সৈতে আলোচনা কৰি মুখ্যমন্ত্ৰীয়ে যি সিদ্ধান্ত ল’ব উপ-নিৰ্বাচনত চামগুৰিত তাকে প্ৰাৰ্থীত্ব প্ৰদান কৰা হ’ব বুলি বিধায়ক জিতু গোস্বামীয়ে কয় ৷

যদি উপ-নিৰ্বাচনৰ বাবে চামগুৰিৰ আসনখন অগপক এৰি দিবলগীয়াও হয় তেতিয়াও বিজেপিয়ে সৰ্বশক্তিৰে চেষ্টা অব্যাহত ৰাখিব বুলি চামগুৰিত সদৰি কৰিলে বিধায়ক জিতু গোস্বামীয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!