অপপ্ৰচাৰ চলোৱা ভুৱা সংগঠনৰ বিৰুদ্ধে থানাত গোচৰ দুই মণ্ডল সমিতিৰ# দুষ্কাৰ্যত লিপ্ত আমন্ত্রিত বিজেপি সদস্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী
বৃহত্তৰ ডিমৰীয়াত চলি থকা বৈধ অথবা অবৈধ ভূমি খনন কাৰ্যৰ লগত ডিমৰীয়া ভাজপা মণ্ডলৰ সভাপতি প্ৰমুখ্যে অন্যান্য বিষয়ববীয়া কোনোপধ্যে জড়িত নহয় বুলি যৌথ সংবাদ মেলৰ সংবাদ মেলৰ জৰিয়তে স্পষ্ট কৰি দিছে সোণাপুৰ ভাজপা মণ্ডল আৰু ডিমৰীয়া ভাজপা মণ্ডল সমিতিয়ে। উল্লেখ্য যে একাংশ বৈদ্যুতিন মাধ্যম, ডিজিটেল ৱেব পৰ্টেলত( অসমীয়া প্ৰতিদিন ) ডিমৰীয়াৰ ভূমি খনন কাৰ্যৰ লগত ডিমৰীয়া মণ্ডল বিজেপিৰ সভাপতি, যুৱ মৰ্চাৰ সভাপতি-সম্পাদক প্ৰমুখ্যে কৰি আন আন বিষয়ববীয়াসকল জড়িত বুলি প্ৰকাশ পাইছিল। এই সন্দৰ্ভত আজি ক্ষেত্রীত দলীয় কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদ মেলত ডিমৰীয়া মণ্ডল বিজেপিৰ সভাপতি ৰাজেন মহন্তই কয় যে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ দৰে ডিমৰীয়াৰ কোনো বৈধ অথবা অবৈধ ভূমি খনন কাৰ্যৰ লগত ডিমৰীয়া বি জে পি মণ্ডল কোনো পধ্যে জড়িত নহয় । উক্ত বাতৰি সম্পূর্ণ ভিত্তিহীন, ,উদ্দেশ্য প্ৰণোদিত আৰু বিভ্ৰান্তিকৰ।এটা ন্যস্তস্বাৰ্থজৰিত চক্ৰই কৌশলগতভাবে এনে অপপ্ৰচাৰ চলাই ডিমৰীয়া বিজেপি মণ্ডলক কালিমা সনাৰ ষড়যন্ত্রত লিপ্ত হোৱা বুলি আৰু চক্ৰটোৱে আত্মস্বাৰ্থ সিদ্ধিত ব্ৰতী হোৱা বুলি মহন্তই অভিযোগ কৰে। এনেধৰণৰ অপপ্ৰচাৰে দলীয় কৰ্মীসকলক মনোকষ্ট দিয়া বুলি উল্লেখ কৰি তেওঁ উক্ত বাতৰিৰ সত্যতা প্ৰমাণ কৰিবলৈ সংবাদ মেলৰ জৰিয়তে প্ৰত্যাহ্বান জনাই। অনাগত দিনত এনেধৰণৰ অপপ্ৰচাৰ তথা কুৎসা ৰচনা কৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈ সংশ্লিষ্ট মহলক তেওঁ সংবাদ মেলৰ জৰিয়তে সকীয়াই দিয়ে। এই সকলো অপপ্ৰচাৰৰ আঁৰত প্ৰাক্তন ছাত্ৰনেতা তথা মেধি উপাধিৰ বিজেপিৰ আমন্ত্রিত সদস্য এজন জড়িত বুলি তেওঁ সংবাদ মেলত অভিযোগ কৰি এনে দলীয় কৰ্মীৰ বিৰুদ্ধে অনুশাসন ব্যবস্থা গ্ৰহণ কৰিবলৈ সোণাপুৰ আৰু ডিমৰীয়া মণ্ডলে দলীয় সভাপতিক পত্ৰ প্ৰেৰণ কৰা বুলি তেওঁ প্ৰকাশ কৰে।ইফালে সংবাদমেলত ডিমৰীয়াত বনবিভাগ কেন্দ্রীক চলি থকা সকলো বৈধ- অবৈধ কাৰ্যৰ বিভাগীয়ভাবে উচ্চপৰ্যায়ৰ তদন্তৰ দাবী জনাই ডিমৰীয়া যুৱ মৰ্চাৰ সভাপতি যতীন ডেকাই।ডেকাই এই তদন্তত অবৈধ কাৰ্যৰ লগত জড়িত ব্যক্তিসকলক চিনাক্ত কৰি উচিত ব্যবস্থা গ্ৰহণৰো দাবী জনাই।ইফালে সংবাদ মেলত বিগত কিছুমাহ ধৰি ডিমৰীয়াত শিল, বালি, মাটি আদি ব্যৱসায়ৰ পৰা জাতীয় সংগঠনৰ পৰা বহিস্কৃত ৰাইজৰ আগত নিজকে যুবনেতা বুলি পৰিচয় দিয়া জনৈক মেধি উপাধিৰ যুৱকজনে এটা বৈদ্যুতিন মাধ্যমৰ সাংবাদিক এজনৰে মিলি এটা ভুৱা সংগঠনৰ নামত অঞ্চলটোত অবৈধ চিণ্ডিকেটৰাজ চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। এই চক্ৰটোৰ ন্যস্তস্বাৰ্থ সিদ্ধি নহলেই সংবাদ মাধ্যমৰ ভয় ভাবুকি দেখুৱাই বিভিন্ন পক্ষক অতিষ্ঠ তথা ব্যতিব্যস্ত কৰি অহা বুলি প্ৰকাশ কৰি তেওঁ এই চক্ৰটোৱেই ডিমৰীয়া ভাজপা মণ্ডলক কুৎসা ৰচনা কৰা বুলি তীব্র উষ্মা প্ৰকাশ কৰে।এনেধৰণৰ নিকৃষ্ট কাৰ্যৰ পৰা বিৰত থাকিবলৈ চক্ৰটোক সাৱধান কৰি দি ইয়াৰ অন্যথা আইনগত ব্যবস্থা লোৱা হব বুলি ডেকাই সংশ্লিষ্ট পক্ষক সতৰ্ক কৰি দিয়ে। সংবাদ মেলত সম্প্ৰতি ডিমৰীয়াৰ প্ৰশাসনৰ অনুমতি সাপেক্ষে কিছু কিছু ঠাইত ভূমি খনন চলি আছে যদিও এই সমগ্র বিষয়টোৰ সৈতে স্থানীয় চক্ৰ বিষয়া, বনাঞ্চলিক বিষয়া, বনবিভাগৰ প্ৰাধীকাৰী, খনি বিভাগ, জিলা আয়ুক্ত, কৃষি বিভাগ, দুৰ্যোগ প্ৰশমন আদি বিভাগৰ সৈতে জড়িত হৈ আছে। যদিহে ডিমৰীয়াত অবৈধভাবে খননেই হৈছে তেনেহলে এই বিষয়ত তদন্ত কৰাৰ দায়িত্ব সংশ্লিষ্ট বিভাগ সমূহৰ,সেই তদন্তৰ দায়িত্ব কোনো বহিস্কৃত যুৱনেতাৰ নহয় বুলি ডেকাই কয়। তথাকথিত যুৱনেতাজনে কিয় নিজকে ডিমৰীয়াবাসীৰ অভিভাবক বুলি ভাবে বুলি প্ৰশ্ন কৰি পূৰ্বতে নিজ কুকীৰ্তিৰ বাবে যুৱনেতাজনে ৰাইজৰ হাতত ক’ত ক’ত উত্তম-মধ্যম খাবলগীয়া হৈছিল ক’ত ক’ত দুৰ্নীতি কৰিছিল তাৰ সবিস্তাৰে বাখ্যা কৰে।আনহাতে ডিমৰীয়াত বহুটো দল-সংগঠন আছে বুলি উল্লেখ কৰি ডিমৰীয়াৰ সমস্যাৰাজি অথবা অন্যান্য বিষয় সমূহৰ ক্ষেত্ৰত ডিমৰীয়াৰ দল-সংগঠন সমূহে সদায়ে মাত মাতি আহিছে বুলি তেওঁ কয়। কিন্তু ডিমৰীয়াৰ স্পৰ্শকাতৰ তথা সংবেদনশীল বিষয়সমূহত কেৱল এটা ভুৱা সংগঠনৰ নামত বিৰোধিতা কৰি থকা কথাটোৱে কি সূচায় বাৰু সেয়া আজি ৰাইজে বুজি উঠিছে বুলি সংবাদ মেলত ডেকাই কয়। সংবাদ মেলত তেওঁ ডিমৰীয়াত দল-মত নিবিৰ্শেষে বৈধভাবে কাম কৰাৰ অধিকাৰ সকলোৰে আছে বুলি প্ৰকাশ কৰি এটা অবৈধ সংগঠনৰ আৰঁত থাকি যিকেইজন ধূৰন্ধৰ যুৱনেতা, ভুৱা আৰ টি আই কৰ্মীয়ে ডিমৰীয়াৰ ভাবমূর্তিত আঘাত হানি আহিছে তেনেবোৰ দুষ্কাৰ্যৰ পৰা বিৰত থাকিবলৈ সংশ্লিষ্ট পক্ষক সতৰ্ক কৰি দিয়ে।নহলে অনাগত দিনত এনে মুখাপিন্ধা, স্বয়ম্ভু যুৱনেতাৰূপী দালালসকলক ডিমৰীয়াবাসী ৰাইজৰ ওচৰত আঠু লোৱাবলৈ বাধ্য কৰাব বুলি সকীয়াই দিয়ে। সংবাদ মেলত সোণাপুৰ ভাজপা মণ্ডলৰ সভাপতি দেবেশ্বৰ দলৈ, সম্পাদক সমীৰন দাস, সোণাপুৰ যুৱ মৰ্চাৰ সভাপতি ভবেশ কাথাৰ সম্পাদক ডেনচন বড়ো, ডিমৰীয়া মণ্ডল যুৱ মৰ্চাৰ সম্পাদক প্ৰশান্ত মেধি প্ৰমুখ্যে অন্যান্য নেতৃবৃন্দ উপস্থিত থাকে। ইয়াৰ পাছতে দুয়োটা মণ্ডলৰ বিষয়ববীয়া সকলে ডিমৰীয়া ভাজপা মণ্ডলক জনসমাজত হেয় কৰাৰ লগতে ভুৱা জাতীয় সংগঠনৰ বিষয়ববীয়াসকলৰ বিৰুদ্ধে আইনগত ব্যবস্থা গ্ৰহণৰ দাবীৰে ক্ষেত্ৰী আৰু সোণাপুৰ থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰে।