এক বিঘা ভূমি ক্ৰয় কৰাৰ চহী বিচাৰি আঢ়ৈ বিঘা ভূমি বেদখল দিয়াৰ চেষ্টা।

এই সংঘাতত লাট মণ্ডল, গাঁও বুঢ়াৰ লগতে আন বহুলোক জড়িত থকাৰ অভিযোগ।

দৰং জিলাৰ ফকিৰপাৰা গাঁৱত বিগত দুই বছৰ ধৰি দুটা পৰিয়ালৰ মাজত ভূমিক কেন্দ্ৰ কৰি সংঘাত চলি আছে। জানিব পৰা মতে ফকীৰপাৰা গাঁৱৰ মৃত ইয়েদ আলীৰ স্ত্ৰী ৰহিমা বেগমে একেখন গাঁৱৰে আছমত আলীক এক বিঘা মাটি বিক্ৰী কৰিছিল যদিও আচমত আলী নামৰ লোকজনে অতি চতুৰালিৰে ইয়েদ আলীৰ পুত্ৰ ছফিওৰ ৰহমানৰ পৰা তিনিখন উকা দলিলত চহী লোৱা বুলি অভিযোগ উঠিছে। আনহাতে ইয়েদ আলীৰ ৪ জন সন্তান থকা স্বত্বেও মাত্ৰ এজনৰ নামতহে মাটি নামজাৰী কৰিছে আচমত আলীয়ে। ইয়েদ আলীৰ পৰিয়ালৰ অজ্ঞাতে মাটিৰ সকলো নথি পত্ৰ লৈ পিতৃ পৈত্রিক সম্পত্তি মাত্ৰ এজন পুত্ৰৰ নামত নামজাৰী কৰি মাটি আচমতৰ দখলত লোৱাৰ ষড়যন্ত্ৰ চলাই আছে। এক বিঘা মাটি ক্ৰয় কৰি এতিয়া প্ৰায় ২ বিঘাৰো অধিক মাটি বেদখল দয়াৰ চেষ্টা চলাই থকা বুলি অভিযোগ উত্থাপিত হয় । গাঁওখনৰ পট্টা ১৮ , দাগ ১৯২ মাত্ৰ ছফিউৰ ৰহমানৰ নামত নামজাৰী হোৱাত মাটি সন্দৰ্ভত গোচৰ চলি আছে। উক্ত ভূমি সংক্ৰান্তত ইয়েদ আলীৰ পৰিয়াল অৰ্থাৎ ছফিউৰ ৰহমানৰ পৰিয়ালে গোচৰ তৰিছে আদালতত। তেনে সময়তে আচমত আলীসহ তেওঁৰ ভাৰাতীয়া গুণ্ডা বাহিনী লৈ ছফিউৰ ৰহমানৰ আলু খেতিত উপস্থিত হৈ আলু খেতি নষ্ট কৰি ভূমি বেদখল দিয়াৰ চেষ্টা চলাই আছে বুলি অভিযোগ তোলে ইয়েদ আলীৰ পৰিয়ালে। এই ক্ষেত্ৰত জিলা আৰক্ষী অধীক্ষকৰ হাতত এখন এজাহাৰ দাখিল কৰিছে ৰহিমা বেগমে। আনহাতে নিৰাপত্তাহীনতাত ভুগি আছে পৰিয়ালটো। জিলা প্ৰশাসনে ঘটনাৰ নিৰপেক্ষ তদন্ত কৰি ন্যায় প্ৰদানৰ কামনা কৰিছে ভুক্তভোগী পৰিয়ালটোৱে।

ধূলাৰ পৰা ৰফিকুল হক ৰ ৰিপোৰ্ট

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!