বাগিছা শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদ অব্যাহত

বাগিছা মালিক পক্ষ্ৰ শোষণ নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি চাহ শ্ৰমিকৰ প্ৰতিবাদ | ACMS কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে মেকিপুৰস্থ KANCO TEA & INDUSTRIES LIMITEDৰ মুখ্য কাৰ্যালয়ৰ প্ৰৱেশ গেটৰ সন্মুখত আজি পুৱাৰে পৰা বাগিছা খনৰ শ্ৰমিক সকলে মালিক পক্ষ্যৰ শোষণ নীতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠে | বিভিন্ন শ্ল’গানেৰে উত্তাল বাগিছাৰ আকাশ বতাহ | ঘৰ দুৱাৰ মেৰামতি, ৰাস্তা পদুলি মেৰামতি, শৌচালয় মেৰামতি আৰু বিশুদ্ধ খোৱা পানী যোগান আদি সমস্যা স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বাগিছাই বাগিছাই ১ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হৈছে | বাগিছাৰ জলন্ত সমস্যা সমূহৰ বিষয়ে সংবাদ-মাধ্যমৰ জড়িয়তে ৰাজ্য চৰকাৰ আৰু পুঁজিপতি গোষ্ঠী তথা মালিক পক্ষ্যৰ দৃষ্টি গোচৰ কৰে সমাজকৰ্মী, শিল্পী ও ACMS নাজিৰা শাখাৰ প্ৰাক্তন সম্পাদক দেৱেন ৰবিদাসে | আনহাতে গেলেকী মোদিনগৰ চাহ বাগিছা মুখ্য কাৰ্যালয়ৰ সন্মুখতো এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা দেখা যায় শ্ৰমিক সকলে |

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!