⭕শিৱসাগৰত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক পৰশজ্যোতি দাসে গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত দাখিল কৰে এজাহাৰ।
সদনৰ মজিয়াত ভাৰতৰ সংবিধান প্ৰণেতা ড° বাবাচাহেব ভীমৰাও আম্বেদকাৰৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠে সংগঠনটো | সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক পৰশজ্যোতি দাসৰ নেতৃত্বত অহা এটা দলে আজি বিয়লি সদৰ আৰক্ষী থানাত দাখিল কৰে এই এজাহাৰ | সংগঠনটোৰ অভিযোগ, সংবিধান প্ৰণেতা গৰাকীক গৃহমন্ত্ৰী মন্ত্ৰী গৰাকীয়ে অপমান কৰাৰ লগতে নিজৰ পদমৰ্য্যদা আৰু সংবিধানকো চুড়ান্ত অপমান কৰিছে।