শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ চৌহদত ২৭,২৮ আৰু ২৯ ডিচেম্বৰ তাৰিখে তিনিদিনীয়াকৈ সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশন অনুষ্ঠিত হ’ব। শিৱসাগৰৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তিৰ উপস্থিতিত অধিবেশনৰ লাইখুঁটা স্থাপনৰ কাৰ্য্যসূচী সম্পন্ন কৰা হয়।
লাইখুঁটা স্থাপন কৰে বিশিষ্ট কবি, সাহিত্যিক, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈয়ে।
উল্লেখযোগ্য যে তিনিদিনীয়া কাৰ্য্যসূচীত নেপাল, উৰিষ্যা আৰু পশ্চিমবংগৰ কেইবাজনো বিশিষ্ট কবিয়ে অংশগ্ৰহণ কৰিব।
