ইতিমধ্যে কামৰূপ জিলাৰ পৰিবহন বিষয়া মনোজ কুমাৰ চৌধুৰীয়ে পথ সুৰক্ষাৰ বাবে মানক সঞ্চালন প্ৰক্ৰিয়া (এছ.ও.পি.) কেইটামানো গ্ৰহণ কৰিছে। পৰিবহণ বিষয়া চৌধুৰীয়ে বিশেষকৈ নিশা আৰু ৰাতিপুৱা দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা অধিক হোৱাৰ আশংকাত প্ৰৱৰ্তন অভিযান চলোৱাৰ ব্যৱস্থা লবলৈ আগবাঢ়িছে । তদুপৰি দুৰ্ঘটনাপ্ৰৱণ এলেকাবোৰত টি.আই.ভি. শুল্ক কৰি গতিৰ সীমা কঠোৰভাৱে নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হৈছে । চালকসকলক সুৰক্ষিত ড্ৰাইভিং পদ্ধতিৰ বিষয়ে শিক্ষিত কৰিবলৈ শীত আৰু উৎসৱৰ বতৰত কামৰূপ জিলাৰ বিভিন্ন স্থানত সংগঠিত সজাগতা অভিযান চলোৱাৰ বাবেও জিলা পৰিবহন গৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে । তাৰেই পৰিপ্ৰেক্ষিতত কামৰূপ জিলাত পথ সুৰক্ষাৰ বাবে সজাগতা অভিযান চলাই জিলা পৰিবহন বিষয়া মনোজ কুমাৰ চৌধুৰীয়ে চালক সকলক কেইবাটাও পৰামৰ্শ আগবঢ়ায়।