আজি গুৱাহাটীৰ দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত সফলতাৰে সম্পন্ন হয় জাৰ্নেলিষ্ট এচ’শ্বিয়েশ্বন আসাম ফৰ আসাম চমুকৈ জাফাৰ বাৰ্ষিক বটা “জাফা এচিভাৰ্চ এৱাৰ্ড” প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানত বঁটা লাভ কৰা ব্যক্তিকেইগৰাকী হৈছে নয়নজ্যোতি শইকীয়া (ডি বাই ৩৬৫), বিশ্বজিৎ নাথ (ফ্রীলান্স), বিকাশ শর্মা (নিউজ লাইভ) আৰু কুন্তল চক্রবর্তী (সাময়িক প্রসংগ)। আন কেইবাটাও শিতানত আজি জাফা এচিভাৰ্ছ বঁটা প্ৰদান কৰা হৈছে। ফটো সাংবাদিকতাৰ বাবে ধনীৰাম কলিতা (অসমীয়া প্রতিদিন) আৰু ভিডিঅ’ সাংবাদিকতাৰ বাবে ৰামু বাছফৰ (প্ৰাগ নিউজ) লৈ বঁটা আগবঢ়োৱা হৈছে। নিউজ এংকৰিঙৰ বাবে মুনমী বৰা (এন বি নিউজ) আৰু ক্রীড়া সাংবাদিকতাৰ বাবে পৱিত্ৰ গগৈ (দৈনিক জনমভূমি)ক জাফা এচিভাৰ্ছ বঁটাৰ বাবে নির্বাচন কৰা হৈছে। আনহাতে, চিকিৎসা সেৱাত উৎকর্ষ সাধনৰ বাবে গুৱাহাটীৰ জি এন আৰ চি হাস্পতাল, অনুপ্ৰেৰণাদায়ক মহিলা শিতানত প্রতিমা ইংহিপী (ডিফু), অনুপ্ৰেৰণাদায়ক ব্যক্তিত্ব শিতানত মণিৰাম ৰংহাং (ডিফু), সমাজসেৱাৰ বাবে ক্রমে আশুতোষ দাস (শিলচৰ), যোগেন্দ্ৰ শৰ্মা (দৰং) আৰু জেকিউল ইছলাম (গুৱাহাটী), সামাজিক প্রভাবশালী ব্যক্তিৰ শিতানত বিকাশ ছেত্রী, জনপ্রিয় গায়িকাৰ শিতানত মর্মিতা মিত্র, উদ্যমিতাৰ বাবে ডঃ নুরুল হক (গুৱাহাটী), যুৱ সক্রিয়তা শিতানত উৎপল বণিয়া (নগাঁও), প্রগতিশীল যুব নেতৃত্বৰ বাবে মনোজ বৰুৱা (ৰাজনীতিবিদ) আৰু সংহতিৰ বাবে বঁটা আগবঢ়োৱা হৈছে ৰেজাউল কৰিম সৰকাৰক (বঙাইগাঁও)। প্ৰায় দুই শতাধিক লোকৰ উপস্থিতিত আয়োজিত হোৱা অনুষ্ঠানৰ আঁত ধৰে জাফাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কুঞ্জমোহন ৰায়ে। অনুষ্ঠানটোত উপস্থিত থাকে জাফাৰ কেন্দ্ৰীয় সভাপতি অভিদ্বীপ চৌধুৰী, বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ, সঞ্জীৱ ফুকন, নৰেন হাজৰিকা, চন্দ্ৰকুমাৰ শইকীয়া আদি বিশিষ্ট অতিথিসকল। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই জাফাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়াই।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!