নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত ন-পাম বাৰুৱতী মণ্ডল সমল কেন্দ্ৰৰ দেওপানী পুৰণি হাটখোলা প্ৰাথমিক বিদ্যালয়, ৫৭০ নং বৰহোলা প্ৰাথমিক বিদ্যালয় আৰু আঠখেল চাহ বাগিচা ২ নং প্ৰাথমিক বিদ্যালয়ৰ মাজত এক বন্ধু বিদ্যালয়ৰ কাৰ্যসূচী ২১ ডিচেম্বৰত গেলেকীৰ দেওপানী পুৰণি হাটখোলা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীন বিকাশৰ উদ্দেশ্যে আয়োজিত এই অনুষ্ঠানত পুৱা পৰিবেশ নিকাকৰণ , গছপুলি ৰোপণৰ পাছতে তিনিওখন বিদ্যালয়ৰ পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছতে বিদ্যালয় কেইখনৰ ছাত্ৰ- ছাত্ৰী, শিক্ষক- শিক্ষয়িত্ৰী, অভিভাৱক অভিভাৱকা আৰু স্থানীয় ৰাইজৰ অংশগ্ৰহণেৰে এক শোভাযাত্ৰা বাহিৰ কৰা হয়। ইয়াৰ পিছতে তিনিওখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন খেল- ধেমালি, কবিতা আবৃত্তি, চিত্ৰাংকন, নৃত্য আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত ছাত্ৰ- ছাত্ৰী সকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰাৰ লগতে প্ৰতিযোগিতাৰ বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!