বিশিষ্ট সাহিত্যিক তথা অসম চৰকাৰৰ অৱসৰ প্ৰাপ্ত বিষয়া সদানন্দ গগৈৰ দুখনি গ্ৰন্থ আজি উন্মোচিত হৈ যায় ।
গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ দুখনি উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকাই।
গ্ৰন্থ দুখন ক্ৰমে এখনি গল্প পুথি মৰ্মান্তিক বিচ্ছুৰিত কিৰণ আৰু এখনি উপন্যাস প্ৰতাৰণাৰ পুৰস্কাৰ।
এটি সৰস্বতী বৰ্ণনাৰে আৰম্ভ কৰা গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট সাহিত্যিক ড০ দয়ানন্দ পাঠক আৰু বিশিষ্ট সাহিত্যিক ড০ নমিতা ডেকা উপস্থিত থাকে।
গ্ৰন্থ উন্মোচনী সভাত আদৰনী ভাষণ আগবঢ়ায় লেখক সদানন্দ গগৈয়ে।
অনুষ্ঠানৰ আঁত ধৰে বিশিষ্ট কবি কমল বৰাই।