দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সমূখত আজি জিলা কংগ্ৰেছ দলৰ উদ্যোগত কংগ্ৰেছ দলে গণ সমদল যাত্ৰা উলিয়ায়।
উল্লেখ্য যে, সংসদত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে সংবিধান প্ৰণেতা ডo বি আৰ আম্বেদকাৰক অপমান সূচক অপশব্দৰ বিৰুদ্ধে গণ সমদল যাত্ৰা উলিয়ায়।পিছত দক্ষিণ শালমাৰা মানকাচৰ জিলা কংগ্ৰেছ দলৰ তৰপৰ পৰা জিলা আয়ুক্তৰ জৰিয়তে ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
আজিৰ এই কংগ্ৰেছ দলৰ সমদল যাত্ৰাত উপস্থিত থাকে মানকাচৰৰ প্ৰাক্তন বিধায়ক ডo মতিউৰ ৰহমান মণ্ডল; যুৱ নেতা মহিবুৰ ৰহমান ( বাপ্পী) ; প্ৰাক্তন জিলা পৰিষদ সদস্য ৰফিকুল ইছলাম আৰু কংগ্ৰেছ দলৰ বিভিন্ন নেতা কৰ্মী সকল।
মানকাচৰৰ পৰা মণিৰুল ইছলামৰ ৰিপৰ্ট