■ নমিতা ভট্টাচাৰ্য্য আৰু তৌফিক ৰহমানলৈ ‘নিপন গোস্বামী জীৱনজোৰা সাধনা বঁটা’ ■

◆ ছৈয়দ জাৰিৰ হুছেইন, এলভিছ আলী হাজৰিকা আৰু ৰঞ্জু হাজৰিকালৈ ‘নিপন গোস্বামী বঁটা৷

স্বনামপ্ৰসিদ্ধ অভিনয় শিল্পী প্ৰয়াত নিপন গোস্বামীৰ সোঁৱৰণত আৰ. কে . ইউনিভাৰ্চে বিগত ২০২২চনৰ পৰা কেইবাটিও বঁটা প্ৰদান কৰি আহিছে৷

২০২৪ বৰ্ষৰ বাবে এই বঁটাৰ অন্তৰ্গত ‘নিপন গোস্বামী জীৱনজোৰা সাধনা বঁটা’ আৰু ‘নিপন গোস্বামী বঁটা’ প্ৰাপকসকলৰ নাম ইতিমধ্যেই ঘোষণা কৰা হৈছে । পূৰ্বৰ কেইবছৰৰ দৰেই নিৰ্বাচক মণ্ডলীয়ে এইবাৰো এই দুই বিশেষ সন্মানৰ বাবে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়াই অহা কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ নাম ঘোষণা কৰিছে । অহা ২০২৫ বৰ্ষৰ ৬ এপ্ৰিলত পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ‘শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ’ত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বৰেণ্য ব্যক্তিকলক আনুষ্ঠানিকভাৱে বঁটাসমূহ প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে৷

২০২৪বৰ্ষৰ এই বঁটাসমূহৰ বাবে

১) নিপন গোস্বামী জীৱনজোৰা সাধনা বঁটা – ২০২৪ ( অভিনয় ক্ষেত্ৰৰ বাবে ) : তৌফিক ৰহমান

২) নিপন গোস্বামী জীৱনজোৰা সাধনা বঁটা – ২০২৪ ( সংগীত ক্ষেত্ৰৰ বাবে ) : নমিতা ভট্টাচাৰ্য্য

৩) নিপন গোস্বামী বঁটা – ২০২৪ ( সংবাদ ক্ষেত্ৰৰ বাবে ) : ছৈয়দ জাৰিৰ হুছেইন

৪) নিপন গোস্বামী বঁটা – ২০২৪ ( ক্ৰীড়া ক্ষেত্ৰৰ বাবে ) : এলভিছ আলী হাজৰিকা

৫) নিপন গোস্বামী বঁটা – ২০২৪ ( সাহিত্য ক্ষেত্ৰৰ বাবে ) : ৰঞ্জু হাজৰিকাক নিৰ্বাচন কৰা হৈছে৷

‘নিপন গোস্বামী বঁটা’ৰ অন্তৰ্গত ‘নিপন গোস্বামী স্বীকৃতি বঁটা’ প্ৰাপকসকলৰ নামো অহা বছৰৰ ৬ এপ্ৰিলৰ বঁটা প্ৰদান অনুষ্ঠানত ঘোষণা কৰা হ’ব আৰু বিজয়ীসকলক সেইদিনাই বঁটা প্ৰদান কৰা হ’ব । চলচ্চিত্ৰ জগতৰ বিভিন্ন শিতানৰ উপৰি আন আন কেইটামান শিতানত উৎসাহজনক এই বঁটাসমূহ প্ৰদান কৰা হ’ব বুলি আৰ কে ইউনিভাৰ্চৰ অধ্যক্ষ কুন্তল কুমাৰ কৌশিক, পৰিচালন সঞ্চালক ৰুণামনি কৌশিক আৰু বঁটা প্ৰদান অনুষ্ঠানৰ প্ৰচাৰ সমন্বয়ক দৰ্শনা বৰুৱাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিযোগে এই কথা জানিবলৈ দিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!