গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাণীবিজ্ঞান বিভাগৰ উদ্যোগত “৩৯ সংখ্যক এছিয়ান ৱাটাৰবাৰ্ড চেন্সাছ আৰু ৫৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ৱাটাৰবার্ড চেন্সাছ ২০২৫” ৰ লগত সংগতি ৰাখি ১০ দিনীয়া কৰ্মশালা আৰু চেন্সাছ প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰা হয়। প্ৰাণী বিজ্ঞান বিভাগৰ সভাগৃহত অনুষ্ঠিত এই কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১০০ জন ছাত্র-ছাত্রীকে ধৰি পৰিৱেশ সচেতন ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ড° মালবিকা কাকতি শইকীয়ায়ে আঁতধৰা উদ্ধোধনী অনুষ্ঠানত অতিথিক সকলক আদৰণি জনাই কৰ্মশালাৰ উদ্দেশ্য আৰু জীৱ বৈচিত্র্য সংৰক্ষণত ইয়াৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। প্রাণীবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° দন্দধৰ শর্মায়ে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰে | তেওঁ‌ নতুন বছৰৰ শুভেচ্ছা জনাই জীৱবৈচিত্র্যৰ প্ৰতি সাৰ্বজনীন সজাগতাৰ প্ৰয়োজনীয়তা উল্লেখ কৰাৰ লগতে আয়োজনকাৰী সমিতিৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।
অধ্যাপক ড° প্ৰশান্ত কুমাৰ শইকীয়াই এছিয়ান ৱাটাৰবৰ্ড চেন্সাছ (AWC)ৰ ইতিহাস আৰু গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে ১৯৮৭ চনত আৰম্ভ হোৱা AWC- আন্তঃৰাষ্ট্ৰীয় ৱাটাৰবৰ্ড চেন্সাছ (IWC)-ৰ লগত সংগতি ৰাখি আজিলৈকে চলি আহিছে ।গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° অৱনী কুমাৰ ভাগৱতীয়ে আনুষ্ঠানিকভাৱে এই কাৰ্যসূচীৰ উদ্বোধন কৰে। তেওঁ নিজৰ কৃতজ্ঞতা প্ৰকাশ কৰি পথ নিৰ্মাণৰ ফলত হোৱা বন্যপ্ৰাণীৰ অসুবিধা আৰু মানুহৰ আধুনিক জীৱন ধাৰণ প্রণালীৰ ফলত হোৱা বন্যপ্ৰাণীৰ ব্যৱহাৰৰ তাৰতম্যত গুৰুত্ব প্রদান কৰে। তেওঁৰ ভাষণটো “চৰাইবোৰ আছে বাবেই” নামৰ এটি প্ৰাণস্পৰ্শী অসমীয়া কবিতাৰে সমাপ্ত কৰে।অনুষ্ঠানত বিশিষ্ট পক্ষীবিদ ড° আনোৱাৰদ্দিন চৌধুৰীয়ে “জলপক্ষী চেন্সাছ আৰু সংৰক্ষণ” বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰে । তেওঁ অসমৰ জীৱবৈচিত্র্যৰ ওপৰত আলোকপাত কৰে, য’ত ৮৬০ৰো অধিক পক্ষী প্ৰজাতি য’ত ২৮০ৰো অধিক পৰিভ্ৰমী প্ৰজাতিৰ বাসস্থান বুলি বৰ্ণনা কৰে। দুপৰীয়াৰ আহাৰৰ পিছত, পক্ষীবিদ ড° নীলোৎপল মহন্তয়ে জলপক্ষী চিনাক্তকৰণৰ ওপৰত এটি ভাষণ প্ৰদান কৰে। তেওঁৰ উপস্থাপনাই গঠনগতভাৱে একে ধৰণৰ প্ৰজাতিৰ পাৰ্থক্য আৰু চিনাক্তকৰণৰ মূল পদ্ধতিসমূহ সূক্ষ্মভাৱে দাঙি ধৰে | অনুষ্ঠানৰ শেষৰ পিনে অসমৰ বিভিন্ন প্রান্তত হ’বলগীয়া চেন্সাচৰ বাবে সদস্যৰ গোট গঠন কৰাৰ লগে লগে দিনটোৰ সামৰণি সূচনা হয় |

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!