শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তিথেশ্বৰ নৰহক স্বেচ্ছাসেৱী সংস্থা “শান্তিৰ সহায়ৰ হাত”ৰ তৰফৰ পৰা ৪ জানুৱাৰীত সংস্থাৰ দস্তাবেজ অৰ্পণ কৰি বিশেষ আলোচনা কাৰ্যসূচী অনুষ্ঠিত হয়। এই আলোচনা সভাৰ মূল উদ্দেশ্য আছিল অসহায় জনৰ সহায় আৰু মানৱীয়তাক অগ্ৰাধাৰ দিয়াৰ পথ প্ৰসাৰণ। “শান্তিৰ সহায়ৰ হাত” যি ২০১৬-১৭ চনৰ পৰা আৰ্তজনৰ সেৱা কৰি আহিছে, সেই উদ্দেশ্যক আগত ৰাখি সংস্থাটিৰ তৰফৰ পৰা শেহতীয়াকৈ এজন মানসিক বিকাৰগ্ৰস্ত ব্যক্তিৰ বিষয়ে আৰক্ষী বিষয়াগৰাকীক অৱগত কৰোৱা হয়। আৰক্ষী বিষয়া তিথেশ্বৰ নৰহে ব্যক্তিগৰাকীৰ পৰিস্থিতি বুজি তেখেতৰ বাসগৃহ পৰিদৰ্শন কৰে। শীতৰ কঠিন পৰিস্থিতিৰ পৰা ৰক্ষা কৰিবৰ বাবে, তেখেতৰ সহায়ত “শান্তিৰ সহায়ৰ হাত”ৰ অন্যতম পথপ্ৰদৰ্শক মাধুৰ্য্য দত্তৰ উদ্যোগত ব্যক্তিগৰাকীক সুৰক্ষিত আশ্ৰয় প্ৰদান কৰা হয়। এই উদ্যমত মাধুৰ্য্য বড়া, হিমাংশু বড়া, আৰু চুজিৎ দত্তই বিশেষ ভূমিকা পালন কৰে। তেওঁলোকে গৌৰীসাগৰ আৰক্ষী আৰু বিশেষকৈ তিথেশ্বৰ নৰহক সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। সংস্থাটিৰ মুখপাত্ৰই উল্লেখ কৰে যে, “মানৱীয়তাই যিকোনো কঠিন পৰিস্থিতিৰ সমাধানৰ মূল চাবিকাঠি। আমাৰ লক্ষ্য হৈছে অসহায় লোকসকলৰ কাষত থিয় দি এক সৰল, স্নেহশীল সমাজ গঠন কৰা।” এই কাৰ্যই স্থানীয় সমাজত এটি দৃষ্টান্ত স্থাপন কৰিছে। মানৱসেৱাৰ এনে পদক্ষেপে সমাজত এক গভীৰ প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰিছে সচেতন মহলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!