অসমৰ সমাজ-সংস্কৃতিকমূলক অনুষ্ঠান ‘জ্যোতিৰূপা’ই অহা ১৬ ফেব্ৰুৱাৰী, ২০২৫ৰ পৰা ১৯ ফেব্ৰুৱাৰী, ২০২৫লৈ চাৰি দিনৰ কাৰ্যসূচীৰে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ, পাঞ্জাবাৰী, গুৱাহাটী-৩৭ত শ্ৰীশ্ৰীমাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৰাজ্যিক ভিত্তিত ‘সপ্তদশ বাৰ্ষিক সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী নাট সমাৰোহ’ অনুষ্ঠিত কৰিবলৈ আয়োজন কৰিছে। আজীৱন নাট্যকর্মী সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ অভিনয়-সাংস্কৃতিক দিশৰ প্ৰতি প্ৰণিপাত জনাই ‘জ্যোতিৰূপাই আয়োজন কৰা নাট-সমাৰোহৰ দ্বাৰা অসমৰ ভিন্ন প্ৰান্তৰ নাট্যদলৰ সৈতে ঐক্য আৰু প্ৰীতিৰ সম্পৰ্ক গঢ়ি তোলাৰ লগতে অসমৰ নাট্যচৰ্চাৰ পৰিৱেশলৈ নতুনত্ব আনি নাট্য সংস্কৃতিক উন্নতিৰ দিশলৈ আগ বঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰা হৈছে ।
নাট সমাৰোহখিনি উদ্বোধন কৰিব বিশিষ্ট সাংস্কৃতিক কর্মী, কণ্ঠশিল্পী-গীতিকাৰ, চিকিৎসক ড° হিতেশ বৰুৱাই। সমাজ-সংস্কৃতিৰ জগতখনলৈ বিশেষ অৰিহণা আগ বঢ়োৱা একোগৰাকী ব্যক্তিক ‘জ্যোতিৰূপাই প্ৰতি বছৰে সম্বৰ্ধনা জনাই আহিছে। এই বছৰ এই সম্বৰ্ধনা আগ বঢ়োৱা হ’ব মঞ্চ আৰু চলচ্চিত্ৰত অভিনয়েৰে সুখ্যাতি অৰ্জা কাশ্মীৰি শইকীয়ালৈ। অসমৰ সাংস্কৃতিক জগতখনক নতুনত্বৰে প্ৰেৰণা যোগোৱাৰ প্ৰত্যশাৰে তেওঁলৈ এই সন্মান আগ বঢ়োৱা হ’ব। ‘জ্যোতিৰূপা’ৰ স্মৰণিকা ‘জ্যোতিৰূপা’ উদ্বোধন কৰিব সাহিত্য সভাৰ সভাপতি ড° সূর্য কুমাৰ হাজৰিকাই ।
