ধুবুৰী জিলাৰ চাপৰত ২০২২ চনত প্ৰতিষ্ঠিত মাল্টি-মিডিয়া প্ৰেছ ক্লাৱ চাপৰৰ আজি তৃতীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। প্ৰতিষ্ঠা দিৱস উপলক্ষে মাল্টি-মিডিয়া প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে সভাপতি সহিদুল সৰকাৰে। বৃক্ষৰোপণ কৰে চাপৰ চিকিৎসালয়ৰ চিকিৎসক ডাঃ হুছেইন আলীয়ে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰয়াত গণ শিল্পী ৰাজীৱ শদিয়া, চাপৰৰ প্ৰয়াত যুৱ সাংবাদিক ধীৰাজ দাস আৰু মিৰাজ ৰায়ক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ইহ সংসাৰৰ পৰা মৃত্যুবৰণ কৰা সমূহ সাংবাদিকৰ আত্মাৰ শান্তিৰ উদ্দেশ্যে ঈশ্বৰৰ ওচৰত এক মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয়। ইপিনে প্ৰতিষ্ঠা দিৱস উপলক্ষে চাপৰ চিকিৎসালয়ত থকা ৰোগী সকলৰ মাজত ফলমূল বিতৰণ কৰে। আনপিনে প্ৰতিষ্ঠা দিৱসৰ দিনা চাপৰৰ বয় জেষ্ঠ্য ব্যক্তি, চিকিৎসক, সমাজ সেৱক, অভিনেতা, ব্যৱসায়ী, বনাঞ্চলিক বিষয়া , ৰাজহ চক্ৰ বিষয়া আৰু আৰক্ষী বিষয়াক সম্বৰ্ধনা জ্ঞাপন কৰে। চাপৰ ৰাজহ চক্ৰ বিষয়া শশী ভূষন ৰাজকোঁৱৰ, ৰত্নপীঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সেখ হেদায়ৎউল্লাহ, সমাজ সেৱক গংগাধৰ ৰায় আৰু প্ৰাক্তন আছু কৰ্মী আনোৱাৰ হুছেইনে ভাষণ প্ৰসংগত সাংবাদিকৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত আলোকপাত কৰি মাল্টি-মিডিয়া প্ৰেছ ক্লাবৰ ভবিষ্যত উন্নতিৰ কামনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!