“ৰাজসেৱায়াম”, অৰ্থাৎ চৰকাৰী চাকৰীৰে ৰাজ্যৰ প্ৰশাসন যন্ত্ৰ অধিক কৰ্মক্ষম কৰি ৰাখিবলৈ হলে চৰকাৰী কৰ্মচাৰী সকলে সৰ্বতদিশত নিৰাপদ অনুভৱ কৰিব পৰাতো প্ৰাথমিক চৰ্ত হিচাবে গণ্য হোৱা উচিত। সেয়েহে চৰকাৰে কৰ্মচাৰীৰ অভাৱ অভিযোগ সমূহক গুৰুত্ব সহকাৰে বিবেচনা কৰা বিধেয়। ২২জানুৱাৰীত সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ অষ্টম দ্বি- বাৰ্ষিক গুৱাহাটী অধিবেশনৰ মুকলি সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি বাসৱ চন্দ্ৰ কলিতাই নিদিষ্ট বক্তাৰ ভাষণত এইদৰে চৰকাৰৰ প্রতি আহ্বান জনায়। সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ সভাপতি ৰমেন ভৰালীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্ধোধন কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক ডা. অচ্যুত কুমাৰ বৈশ্যই কৰ্মচাৰী সকলৰ কৰ্ম সংস্কৃতিৰ বিষয়ে কোৱাৰ লগতে কৰ্মচাৰী সকলে নিজৰ নিজৰ দায়িত্ব পালন কৰি সংস্থাৰ কামত নিয়োজিত হ’বলৈ আহ্বান জনোৱাৰ লগতে প্ৰথমে নিজৰ দায়িত্ব তাৰ পিছতহে অন্য কাম বুলি কয়। সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ অষ্টম দ্বি-বাৰ্ষিক গুৱাহাটী অধিৱেশন উপলক্ষে প্ৰকাশিত আৰু ৰাজ্যৰ বিশিষ্ট কাৰ্টুনিষ্ট উৎপল বৰাৰ বেটুপাতৰ অংকণেৰে স্মৃতিগ্ৰন্থ “জ্যোতিগময়” উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি, অখিল ভাৰতীয় সাহিত্য পৰিষদ অসমৰ সভাপতি তথা সু-সাহিত্যিক মৃণালিনী দেৱীয়ে। তেখেতে স্মৃতিগ্ৰন্থ উন্মোচন কৰি কয় যে কৰ্মই হ’ল ধৰ্ম, গতিকে নিজৰ কৰ্মেৰে কৰ্মক্ষেত্ৰত নিজৰ দায়িত্ব পালন কৰি নিজকে সমাজত পৰিচয় দিবলৈ আহ্বান জনায় । আদৰ্শ মাতৃ গৰাকীয়ে ভাষণ প্ৰসংগত জগন্নাথ প্ৰভু চাৰিটা চকাৰ তাৎপৰ্য বুজায় দিয়ে। তেখেতে ভাষণ প্ৰসংগত আধ্যাত্মিক দিশ সম্পৰ্কে আৰু সাহিত্য-সংস্কৃতিৰ দিশৰ ওপৰত বিস্তৃত ভাৱে ভাষণ দিয়ে। মুকলি সভাত উপস্থিত আছিল সভাত কৰ্মচাৰী পৰিষদৰ কোষাধক্ষ হেমন্ত লহকৰ, গুৱাহাটী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি নজমুল হক, যুটীয়া সম্পাদক বুবুল বৰা, অৰবিন্দ দাস, বিপ্লৱ দাস, চতীশ দাস আদি। মুকলি সভাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা অৱসৰপ্ৰাপ্ত ১৬ গৰাকী কৰ্মচাৰীক বিদায় সম্বৰ্দ্ধনা জনোৱাৰ লগতে অসম চৰকাৰৰ লোক সেৱা বঁটা লাভ কৰা যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ কৰ্মচাৰী যদুমনি চুটিয়া আৰু মহেন্দ্ৰ কন্দলি পাঠকক সম্বৰ্দ্ধনা জনোৱা হয়। ২১ জানুৱাৰীত সংস্থাৰ সভাপতি ৰমেন ভৰালীয়ে পতাকা উত্তোলনৰে শুভাৰম্ভ কৰা সংস্থাৰ অধিৱেশনত ৰাজ্যখনৰ ৯ খন চিকিৎসা মহাবিদ্যালয়ৰ পৰা প্ৰায় সাত শতাধিক প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডা. জয়দেৱ শৰ্মাই প্ৰেক্ষাগৃহ চৌহদত বৃক্ষৰোপৰ শুভাৰম্ভ কৰে। সংস্থাৰ সভাপতি ৰমেন ভৰালীৰ সভাপতিত্বত অনুষ্ঠিত জনাকীৰ্ণ প্ৰতিনিধি সভাই ৰোগী পৰিচৰ্যা ভাট্টা, সেৱাবিধিৰ দাবী সম্বলিত একাধিক প্ৰস্তাৱ গ্ৰহন কৰে। সভাই ২০২৫ – ২০২৭বৰ্ষৰ দুবছৰীয়া কাৰ্যকালৰ বাবে শিলচৰৰ ইব্ৰাহিম আলি লস্কৰক সভাপতি, গুৱাহাটীৰ দিলীপ চাংমাক কাৰ্যকৰী সভাপতি, আৰু বৰপেটাৰ নবজিত দাসক সাধাৰণ সম্পাদক ৰূপে লৈ আটাই কেইখন চিকৎসা মহাবিদ্যালয়ৰ সম প্ৰতিনিধিত্বৰে শক্তিশালী কেন্দ্ৰীয় সমিতি গঠন কৰে। বিষয় বাচনি সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কোষাধ্যক্ষ আৰু কৰ্ণধাৰ সদস্য ক্ৰমে হেমন্ত লহকৰ আৰু নজমূল হকে পৰ্য্যবেক্ষক হিচাবে উপস্থিত থাকে।