জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত চলি থকা মদ,ভাং,জুৱা আদিৰ অবাধ প্ৰচলনে শৈক্ষিক সামাজিক পৰিবেশ বিনষ্ট কৰি থকাৰ বিৰুদ্ধে মংগলবাৰৰ বিয়লি প্ৰতিবাদত নমা মহিলাসকল সফল নোহোৱাত বুধবাৰে দ্বিতীয় দিনা সন্ধিয়াও এইদৰেই মহিলা সমাজ ওলাই আহি সুৰা বিৰোধী অভিযানত হাতেকামে লগা পৰিলক্ষিত হয় ৷   জামুগুৰিহাটৰ বৃহত্তৰ টুপীয়া অঞ্চলৰ পৰা সন্ধিয়া ওলাই অহা মহিলা সকলে জামুগুৰি আৰক্ষীৰ সহযোগত টুপিয়া ব্যৱসাকেন্দ্ৰৰ কেইবাখনো দোকানত অভিযান চলাই বৃহৎ পৰিমানৰ অবৈধ অৰুনাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়৷ মহিলা সকলে অভিযোগ কৰামতে এই ধৰণৰ নিচা জাতীয় সামগ্ৰী অবৈধ অৰুনাচলী সুৰা, চুলাই মদ, ভাং ,জুৱা আৰু তীৰ খেলৰ অবাধ প্ৰচলনে বিশেষভাৱে ক্ষতিগ্ৰস্ত কৰিছে মহিলা সমাজকো ৷ বহু লোকৰ ঘৰ সমূহত সৃষ্টি হোৱা পাৰিবাৰিক কন্দলৰ পৰিনতি স্বৰূপেই কোনোবা মহিলা শাৰিৰক নিৰ্য্যাতনৰ বলি হোৱাৰ লগতে একাংশ মহিলাই অকাল মৃত্যুকো সাৱতিব লগীয়া হৈছে৷ গতিকেই এনে ধৰণৰ অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনোৱাৰ পিছতো সফল নোহোৱাত মহিলা সমাজে আৰক্ষীৰ সহযোগত সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে এই অভিযান চলাবলৈ বাধ্য হৈছে ৷ অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি থকা অবৈধ অৰুনাচলী মদ,চুলাই মদ,ভাংৰ ৰমৰমীয়া ব্যৱসায়ৰ লগতে তীৰ খেলৰ ব্যৱসায় বন্ধ কৰাৰ বাবে অনাগত দিনতো মহিলাসকল একত্ৰিত হৈ এই অবৈধ ব্যৱসায়ী সকলৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে সচেতন মহিলা সকলে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!