কামৰূপ মহানগৰ জিলাৰ ২,৯০৭শিক্ষাৰ্থীক দুচকীয়া বাহনৰ আত্মবিশ্বাসী, আদৰ্শ চালক হিচাপে গঢ় দিয়াৰ ব্যতিক্ৰমী লক্ষ্য।
উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অসম চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটী লাভ কৰা কামৰূপ মহানগৰ জিলাৰ ২,৯০৭গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে। মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় চৌহদত এক গৌৰৱময় পৰিৱেশত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব পুলক পাটগিৰি,কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ডীন বিপুল দাস, গ্ৰীণ অস্কাৰৰ সৰ্বোচ্চ বঁটা হুইটলি গ’ল্ড এৱাৰ্ড, ৰাষ্ট্ৰসংঘৰ পৰিৱেশৰ সৰ্বোচ্চ সন্মান চেম্পিয়ন অৱ দা আৰ্থকে ধৰি বিভিন্ন বঁটা-সন্মানেৰে বিশ্বজুৰি খ্যাতি অৰ্জন কৰা “হাড়গিলা” খ্যাত ড° পূৰ্ণিমা দেৱী বৰ্মণ, মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ উপ-সঞ্চালক দীপিকা চৌধুৰী, DY 365ৰ পৰিচালন সম্পাদক প্ৰাণজিৎ শইকীয়া, সহকাৰী পৰিবহণ আয়ুক্ত আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী তামচিন আফটাব, সহকাৰী পৰিবহণ আয়ুক্ত দিব্যজ্যোতি কাৰ্জি, জিলা পৰিবহণ বিষয়া হিমাংশু (প্ৰৱৰ্তক)কুমাৰ দাস, এডিচনেল এচিপি ট্ৰেফিক মৃন্ময় গোস্বামী,আৰজিবৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক দ্বীপেন দাস, যানবাহন পৰিদৰ্শক দেৱাংশু দত্ত, হোণ্ডা ছেফটি ড্ৰাইভিং ট্ৰেইনিং চেন্টাৰৰ উচ্চপদস্থ বিষয়া অভিলাষ সিং, ইৰানা গৌডা, অৰুণ কুমাৰ চিৰোহী আৰু ৰৱীন্দ্ৰ কুমাৰৰ উপস্থিতিত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানটোৰ আৰম্ভণিতে ছাত্ৰছাত্ৰীৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্দেশ্য ব্যাখ্যা কৰে পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে। তেওঁ কয় যে,মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে জনোৱা আহ্বানলৈ এইসকল মেধাৱী আৰু বাহন চালনাৰ উন্নত প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ ভূমিকা হ’ব উল্লেখনীয়। কিয়নো ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ জ্ঞান শিক্ষাৰ সমানে বাহন চালনাৰ ক্ষেত্ৰতো আত্মবিশ্বাসী আৰু দক্ষতাসম্পন্নভাৱে গঢ়ি তুলিবলৈ প্ৰশিক্ষণৰ দ্বাৰা প্ৰয়াস কৰা হৈছে। প্ৰশিক্ষাৰ্থী সকলক তেওঁ উন্নত প্ৰশিক্ষণ লাভ কৰি নিজকে এগৰাকী আদৰ্শ চালক হিচাপে পৰিয়াল,আত্মিয়-স্বজন আৰু বৃহত্তৰ সমাজখনত অনুকৰণীয় আৰ্হি দেখুৱাবলৈ আহ্বান জনায়। কেতিয়াও কোনো কাৰনতে যাতে আজিৰ প্ৰজন্মই যানবাহন আইন উলংঘা কৰিবলগীয়া নহয়, নিজৰ ভুলৰ বাবে আৰক্ষী,পৰিবহণ বিষয়াৰ ওচৰত জৰিমনা ভৰিবলগীয়া নহয় তেনে এক শংকামুক্ত পৰিৱেশত মেধাবী ছাত্ৰ-ছাত্ৰীসকলক আগন্তুক দিনত ৰাজ্যৰ ৰাজপথত সুৰক্ষিত যাতায়াত ব্যৱস্থা বাহাল ৰখাৰ দৃঢ় সংকল্প গ্ৰহণ কৰিবলৈয়ো বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে আহ্বান জনায় ৷ বাহন চালনাৰ এই অগতানুগতিক, ব্যতিক্ৰমী প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব পুলক পাটগিৰীয়ে শিক্ষাৰ্থীসকলক বিদ্যায়তনিক দিশত মেধাৰ পৰিচয় ডাঙি ধৰাৰ দৰেই জীৱনৰ বিভিন্ন বিষয়ৰ জ্ঞান অন্বেষণ আৰু ৰাজপথৰ সুৰক্ষিত যাতায়াততো আদৰ্শ দেখুৱাবলৈ আহ্বান জনায়। বাহন চালনাৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ বন্তি প্ৰজ্বলন কৰি কৃষ্ণকান্ত ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ডীন বিপুল দাসে পথ,যানবাহনৰ প্ৰতিটো যাত্ৰাকে একোটো উন্নয়নমুখী আৰু যোগাত্মক যাত্ৰা হিচাপে গ্ৰহণ কৰি সকলো সময়তে পথৰ সুৰক্ষা, সুচলতাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷
অনুষ্ঠানটোত উপস্থিত থাকি “হাড়গিলা” খ্যাত ড° পূৰ্ণিমা বৰ্মনে হাড়গিলাই দুইকাষে সমানে ডেউকা মেলাৰ দৰেই আজিৰ প্ৰজন্মকো দুহাত প্ৰসাৰি মুক্তমনে সপোন দেখিবলৈ আহ্বান জনায় ৷ জীৱনৰ দূৰন্ত সপোনৰ বাটত আগবাঢ়োতে আজিৰ মেধাবী শিক্ষাৰ্থী সকলক ৰাজপথৰ সুৰক্ষাৰ দিশটোকো অগ্ৰাধিকাৰ দিবলৈ তেওঁ ব্যতিক্ৰমী আহ্বান জনায়। এই উপলক্ষে অনুষ্ঠিত সভাখনৰ পিছতে হোণ্ডা ছেফটি ড্ৰাইভিং ট্ৰেইনিং এডুকেছন চেন্টাৰৰ তত্বাৱধানত বিশেষভাৱে সজ্জিত প্ৰেক্ষাগৃহত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। প্ৰথমদিনা কামৰূপ মহানগৰ জিলাখনৰ দুশৰো অধিক শিক্ষাৰ্থীয়ে বাহন চালনাৰ প্ৰশিক্ষণ লাভ কৰাৰ উপৰি বাহন চলাবৰ বাবে প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ এখন নিজে কেনেকৈ উলিয়াই ল’ব পাৰে সেই সন্দৰ্ভতো সম্যকভাৱে জ্ঞান লাভ কৰে। প্ৰশিক্ষণৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলক
অংশগ্ৰহণৰ প্ৰমাণপত্ৰয়ো প্ৰদান কৰা হয়।