আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ আৰু অসমৰ চাহ জনগোষ্ঠীৰ অন্যতম বৃহৎ সংগঠন আছাৰ মাজত চলি থকা বাকযুদ্ধৰ মাজতে আদিবাসী সমাজৰ এখন পত্ৰই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। আদিবাসী সমাজৰ নামত প্ৰকাশ কৰা এই বিবৃতিকখনত আছাৰ সভাপতি প্ৰদীপ নাগক উদ্দেশ্যি কেইবাটাও প্ৰশ্ন উত্থাপন কৰা হৈছে। আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ অধ্যক্ষ দুৰ্গা হাছদাই বিশেষ উন্নয়ন পূঁজিৰ অপব্যৱহাৰৰ অভিযোগ আনিছে, দ্বিতীয়তে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ সম্পৰ্কত কৰিছে কেতবোৰ আপত্তিজনক মন্তব্য। অসমৰ আদিবাসীসকলৰ কল্যাণৰ বাবে হাতত অস্ত্ৰ তুলি দুটা দশকৰো অধিক কাল সংগ্ৰামৰ অন্তত শান্তি চুক্তিৰে মূলসুঁতিলৈ উভতি আহিছিল কেইবাটাও আদিবাসী বিদ্ৰোহী সংগঠন। মূলসুঁতিলৈ উভতি আহি সন্মিলিতভাৱে বিদ্ৰোহী সংগঠন কেইটাৰ নেতৃত্বত গঠন হোৱা আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ নামত আছাৰ সভাপতি প্ৰদীপ নাগে কৰা মন্তব্যই জাতিটোৰ বাবে ক্ষতিকাৰকেই নহয় হেয় প্ৰতিপন্ন কৰাৰ দাবী কৰিছে আদিবাসী সমাজে। লগতে আছাৰ সভাপতি প্ৰদীপ নাগে আছাৰ সংবিধান উলংঘা কৰাৰ অভিযোগ আনিছে তথ্য সহকাৰে। আছাৰ সংবিধানৰ চতুৰ্থ অধ্যায়ৰ ১৮নং দফা অনুসৰি আছাৰ সদস্য পদৰ সৰ্বোচ্চ বয়স ৩৫বছৰ। কিন্তু এতিয়াও প্ৰদীপ নাগে আছাক নেতৃত্ব দি আছে। ই দেখ দেখকৈ সংবিধান উলংঘা কৰিছে। আদিবাসী জনতাৰ কল্যাণৰ স্বাৰ্থত গঠন হোৱা আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দুৰ্গা হাছদাই ঠিকাদাৰৰ দৰে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছিল প্ৰদীপ নাগে। যাৰ বিপৰীতে আদিবাসী সমাজে ছাত্ৰ সংগঠনত বয়োজ্যেষ্ঠ ব্যক্তি হৈও নেতৃত্বত থকা, নিৰ্বাচনত ৰাজনৈতিক দলৰ হৈ প্ৰচাৰ কৰা, আদিবাসী শান্তি চুক্তিৰ সময়ত ৰাজনীতি কৰা আদি কেতবোৰ বিষয়ৰ অৱতাৰণা কৰিছে। শেহতীয়াকৈ আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ বিৰুদ্ধে অযুক্তিকৰ মন্তব্যৰে অসমৰ আদিবাসী সমাজক বদনাম কৰাই নহয়, হেয় প্ৰতিপন্ন কৰাৰ অভিযোগ আছাৰ সভাপতি প্ৰদীপ নাগৰ বিৰুদ্ধে। আদিবাসী সমাজে প্ৰদীপ নাগৰ শিক্ষাগত অৰ্হতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। বহু কষ্ট আৰু আত্মবলিদানৰ বিনিময়ত জন্ম হোৱা আছাৰ দৰে সংগঠনটোক ধ্বংস নকৰিবলৈ আহ্বান আদিবাসী সমাজৰ।