🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১১ মাঘ , শনিবাৰ, ইং ২৫ জানুৱাৰী ২০২৫
সূৰ্য্যোদয় ঘ :- ৬/১৫/০
সূৰ্য্যাস্ত ঘ :- ৪/৫৫/২
ৰাশি : – বৃশ্চিক ৰাশি।
তিথি :- কৃষ্ণা একাদশী তিথি। স:ঘ:- ৬/৩৩/১৩ যোৱাত কৃষ্ণা দ্বাদশী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- জেষ্ঠা নক্ষত্ৰ । আহোৰাত্ৰ লৈ।
শুভ সংখ্যা :- ৮/৩
শুভ ৰং : – নীলা / বেঙুনীয়া ।
আদ্যঋতু :- পতিহীনা যোগ ।
মৰণৰ দোষ :- এপদ । স:ঘ:- ৬/৩৩/১৩ যোৱাত দ্বিপদ।
যাত্ৰা :- অগ্নি কোনত নাই।স:ঘ:- ৬/৩৩/১৩ যোৱাত নৈঋত কোনো নাই।
যোগিনী :- অগ্নি কোনত ।স:ঘ:- ৬/৩৩/১৩ যোৱাত নৈঋত কোনো ।
ভক্ষাভক্ষ্য :- উৰহী খোৱা নিষেধ। স:ঘ:- ৬/৩৩/১৩ যোৱাত যোৱাত পূৰৈ শাক খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত সাহসেৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হব, লগতে আজি আপোনাৰ ভোজনৰ বিলাস বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় মনোভাৱ বাঢ়িব, ছাত্ৰ ছাত্ৰী সকলৰ বিদ্যাত আহৰণ শুভ বুলি কব পাৰি লগতে আজি আপোনাৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত হঠাতে হাতলৈ ধন- সম্পত্তি আহিব, নতুন নতুন ব্যৱসায় বানিজ্যত শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত দ্ৰব্য লাভ কৰিব, মহিলা সকলৰ শুভ বুলি কব পাৰি যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব,উৎসৱ পাৰ্বত্য অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় আৰু উদ্বেগ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনৰ আশা ভংগ হ’ব পাৰে লগতে আজি আপোনাৰ ক্ষতিৰ সম্ভাৱনা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আদৰ্শবাদী মনোভাৱ বাঢ়িব, লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, কৰ্মত সফলতা লাভ কৰিব যদিও আজি ছাত্ৰ ছাত্ৰী সকলে সজাগ নহ’লে পঢ়া শুনাত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ক্ষতি হব পাৰে লগতে আজি আপুনি মনৰ পৰা অভিযান ভাৱ পৰিত্যাগ কৰিবলৈ চেষ্টা কৰিব নহ’লে ক্ষতি হব পাৰে।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত বন্ধুৰ সান্নিধ্য লাভ কৰিব যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব, লগতে আজি আপোনাৰ সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত পুৰণি সমস্যাৰ সমাধান হ’ব, যদিও আজি আপুনি সজাগ নহ’লে ধন সম্পত্তি হানি হ’ব পাৰে লগতে আজি আপুনি কৰ্মত সকলো দিশতে সাৱধানে আগবাঢ়ি যাবলৈ চেষ্টা কৰাটো ভাল হ’ব।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205