⭕যোৰহাটৰ পৰা গেলেকীলৈ মাজনিশা এই সৰবৰাহ

আমগুৰি অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিং খণ্ড বন বিভাগৰ অভিযানত জব্দ দুখনকৈ শিল ভৰ্তি ডাম্পাৰ | ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক্‌ ক্ষণত মাজনিশা প্ৰায় ১২:৩০ মান বজাত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাৱতীয় নথিপত্ৰ, চালান বিহীনভাৱে যোৰহাটৰ পৰা নাজিৰা গেলেকীলৈ চোৰাং ভাৱে শিল কঢ়িয়াই অনা এ এছ ২৩ চিচি ৯৩০৫ আৰু এ এছ ২৩ চিচি ৬৫৩৭ নম্বৰৰ দহ চকীয়া দুখনকৈ শিল কঢ়িওৱা ডাম্পাৰ বন বিভাগে জব্দ কৰিছে |

হালোৱাটিং খণ্ড বন বিষয়া ৰাজু দাসৰ নেতৃত্বত চলিছিল এই অভিযান | বন বিষয়া গৰাকীয়ে জব্দকৃত ডাম্পাৰ কেইখনৰ বিৰুদ্ধে বন সংৰক্ষণ আইন অনুসৰি শিৱসাগৰ জিলা বন সংমণ্ডল তথা বন প্ৰাধিকাৰীলৈ বিষয়টো প্ৰেৰণ কৰিছে | আইন অনুসৰি চক্ৰটোৱে লাভ কৰিব চৰকাৰী ৰাজহ ফাঁকিৰ বৃহৎ জৰিমনা | এই কথা বন বিভাগে জানিব দিছে |

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!