৭৬ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি জোনাকী বাটেৰে' এক সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ কৰ্মকৰ্তা সকলে আজি ২৮ জানুৱাৰী তাৰিখে
বি বৰুৱা কৰ্কট প্ৰতিস্থান’ত (বিৰুবাৰী, গুৱাহাটী) ৰোগী সকলৰ মাজত ফলমূল ,গাখীৰ আৰু একোখনকৈ টাৱেল বিতৰণ কৰে। প্ৰায় শতাধিক ৰোগীৰ মাজত সামগ্রী বিতৰণ অনুষ্ঠানত অংশগ্রহণ কৰে অনুষ্ঠানটিৰ সম্পাদিকাদ্বয় ক্ৰমে জয়ামনি ভৰালী, দিপলিপ ওজা দেৱী, সদস্য/সদস্যাসকল ক্ৰমে দিলীপ ভূঞা, পৰাগ কুমাৰ বৰ্মন, শান্তনু গায়ন, মাইনু মহন্ত, মিঠু মণ্ডল, পূৰ্ণিমা ডেকা, ৰশ্মিৰেখা গগৈ, মনচুমী ৰাজখোৱা, মৌচুমী ৰাজখোৱা আৰু মঞ্জু শ্যামে। সামগ্রী বিতৰণৰ কামত আন্তৰিকতাৰে সঁজাতী দলটোক সহায়ৰ হাত আগবঢ়ায় কৰ্কট প্ৰতিস্থানটিৰ বিষয়ববীয়া তৰুণ সোনোৱালে।
