প্ৰেমত ফুলিছে শতদল,
প্ৰেমত ঘুৰিছে ভূ-মণ্ডল
প্ৰেমে নামানে উচ্চ নীচ
নেমানে কোনো জাতিকূল
প্ৰেম হেনো স্বৰ্গীয়
প্ৰেমত আত্মহাৰা হৈ ৰজাৰ জীয়ৰীও লগুৱাৰ সৈতে
পলাই যাবলৈ বাধ্য হৈছিল হেনো
সাংবাদিকতাৰ অ আ ক খ নজনা লোকেও নিশাৰ ভিতৰত হৈ পৰিছে গৈ তথাকথিত সাংবাদিক।
সুন্দৰী যুৱতী বিচাৰি সাংবাদিক ঘূৰি ফুৰিছে বিদ্যালয়ে বিদ্যালয়ে।
কিন্তু সুন্দৰী যুৱতী নাপাই এইবাৰ স্বৰস্বতী পূজাত হাজোৰ পোৰ্টেলৰ সাংবাদিক জেহেৰুল ইছলামে পলুৱাই লৈ গল এগৰাকী কন্যা শিশুৰ মাতৃক।
এই গৰাকী লম্পট চৰিত্ৰৰ পোৰ্টেলৰ সাংবাদিক জেহেৰুল ইছলামে ১ নং ভেলকৰ – সস্তাৰঘাটৰ কুদ্দুছ আলীৰ পত্নী হামিদা খাতুনৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ অৱসান ঘটাই নিশাৰ ভিতৰতে পালেগৈ নামনি অসমৰ ধুবুৰী জিলা।
পোৰ্টেলৰ সাংবাদিক জেহেৰুল ইছলামে এটি কনমানি কন্যা শিশুক এৰি থৈ মাতৃ হামিদা খাতুনক পলুৱাই নিয়া ঘটনাত একমূখে ধিক্কাৰৰ যোৱাৰ উঠিছে।
প্ৰেমত হাবুডুবু খাই আত্মবিভোৰ হোৱা হামিদা খাতুনে ইতিমধ্যে স্বামী কুদ্দুছ আলীক বিলাসীপাৰা আদালতৰ জৰিয়তে বিবাহ বিচ্ছেদ শপতনামা প্ৰেৰণ কৰা কাণ্ডই পৰিয়ালটোক হতচকিত কৰি তুলিছে।
ইফালে, মহিলা গৰাকীয়ে কুদ্দুছ আলীৰ পৰা নগদ ধন, সোন ৰূপৰ আ-অলংকাৰ, যাবতীয় নথি পত্ৰ লৈ যোৱাৰ অভিযোগ উঠিছে ।
এই সন্দৰ্ভত ভূক্তভোগী কুদ্দুছ আলীয়ে ৰামদিয়া আৰক্ষীচকীত মহিলা গৰাকী আৰু জেহেৰুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।
উল্লেখ্য যে,ইয়াৰ পূৰ্বেও পোৰ্টেলৰ সাংবাদিক লম্পট জেহেৰুল ইছলামে ৰাইজৰ ঔকিল খাই সংবাদৰ শিৰোনামা দখল কৰিছিল।
তাৎপৰ্যৰ বিষয় যে, সংবিধানৰ চতুৰ্থ স্তম্ভ তথা সমাজৰ অতন্দ্ৰ প্ৰহৰী সাংবাদিকৰ নাম বদনাম কৰা এনে দুষ্ট প্ৰবৃত্তিৰ লোকৰ কৰ্মকাণ্ডই সূধী সমাজক লজ্জানত কৰিছে।