নলবাৰী জিলাৰ নপ্তিপাৰাস্থিত বাৰ গোপাল মন্দিৰৰ প্ৰতিষ্ঠা দিৱসত প্রতি বছৰে বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ লোকৰ সমাৱেশ ঘটে। বিভিন্ন প্ৰান্তৰ লোক সমবেত হোৱা অনুষ্ঠানটিত চাকি বন্তি প্ৰজ্বলন আৰু গছৰ ডালত গামোচা বান্ধি যিয়ে যি মনে কামনা কৰে তেওঁৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি লোকবিশ্বাস প্ৰচলিত আছে। প্ৰতিবছৰে ২৬ মাঘৰ আজিৰ এই দিনটোতে ভাগৱত লৈ ধৰ্মীয় শোভাযাত্ৰা কৰে অঞ্চলবাসীয়ে।
হাজাৰ-হাজাৰ লোকৰ সমাৱেশ ঘটা অনুষ্ঠানটিত শ্ৰীকান্ত শাস্ত্ৰীয়ে দিনজোৰা ভাগৱত পাঠ কৰিব।
সন্ধিয়া তামুলপুৰৰ পাঠিকা ভৱানী ডেকা আৰু কামৰূপ গাছবাৰীৰ পাঠিকা ৰুণুমী নাথৰ নাগাৰা নামৰ ব্যাপক আয়জন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!