দেশ আৰু জনগণৰ জীৱন-সম্পত্তি নিৰাপত্তা, জৰুৰীকালিন দূৰ্যোগ আৰু প্ৰাকৃতিক দূৰ্যোগৰ সময়ত স্বতন্ত্ৰ ভাৱে সেৱা আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰি যুৱ প্ৰজন্মক সুপৰিকল্পিত ভাৱে প্ৰশিক্ষণ প্ৰদান কৰাৰ উদ্দেশ্য আগত ৰাখি নাজিৰাত মুকলি কৰা হয় অসামৰিক প্ৰতিৰক্ষাৰ বিশ দিনীয়া প্ৰশিক্ষণ শিৱিৰ | নাজিৰা সমজিলা কাৰ্যালয়ৰ কক্ষত আনুষ্ঠানিক ভাৱে এই প্ৰশিক্ষণ শিৱিৰ মুকলি কৰে শিৱসাগৰ জিলা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ নিয়ন্ত্ৰক প্ৰাণজিৎ দত্তই | প্ৰায় তিনিকুৰি ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰশিক্ষণৰ শুভাৰম্ভণি অনুষ্ঠানত নাজিৰা সমজিলা আয়ুক্ত শ্ৰীমতী কণিকাৰ লগতে প্ৰশাসনৰ বিষয়া আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ ভালেকেইজন বিষয়া উপস্থিত থাকে |