শাস্ত্ৰীয় সংগীত মঞ্চ,নগাঁৱৰ উদ্যোগত নগাঁও বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগ আৰু আদিত্য ষ্ট্ৰীট ফুডছ্, নগাঁৱৰ সহযোগত নগাঁও বিশ্ববিদ্যালয়ত ২ জুলাইৰ পৰা অনুষ্ঠিত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ আজি তৃতীয় দিনা এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। পুৱা বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠান মুকলি কৰে সাংবাদিক কনক হাজৰিকাই। অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী ধনপট ঘেৰাৱত,জোন ৰাজখোৱা ,নাট্যকাৰ মুনীন্দ্ৰ গোস্বামী ,‍ সংগীত শিল্পী মঞ্চৰ সভাপতি ,অধ্যাপক ধনঞ্জয় কুশ্ৰে , নগাঁও বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ অধ্যাপিকা ড° কৰবী দেৱীৰ লগতে সুৱাগমণি মহন্ত , ইন্দ্ৰানী বৰা আদিয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক তথা অনাতাঁৰ আৰু দূৰদৰ্শনৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী উজ্জ্বল দত্ত আৰু তেওঁৰ শিষ্য বৈভৱ চক্ৰৱৰ্তীয়ে শিক্ষাৰ্থী সকলক হিন্দূস্তানী শাস্ত্ৰীয় সংগীতৰ বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে। কৰ্মশালাত ৪০গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে।৬জুলাইত কৰ্মশালাৰ সামৰণি পৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!