১০ফেব্ৰুৱাৰী সোমবাৰে দিনৰ ১বজাত আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাৱত কবি জানু নাথৰ ‘নিবিচাৰোঁ সেই সময়’ শীৰ্ষক এখন কাব্যগ্ৰন্থ উন্মোচন কৰা হয়৷
গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কথাশিল্পী,সংগীত শিল্পী তথা চিকিৎসক ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে৷
কবি জানু নাথৰ কাব্য সংকলনখনৰ শুভ উন্মোচনী
অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে গুৱাহাটী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা- সাহিত্যিক ড° স্মৃতিৰেখা ভূঞা ,জ্যেষ্ঠ সাংবাদিক- লেখক দিগন্ত কুমাৰ নাথ,জ্যেষ্ঠ সাংবাদিক তথা সমীক্ষণ আলোচনীৰ সম্পাদক জোনজ্যোতি দত্ত বৰা , অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক- লেখিকা স্বপ্না বেজবৰুৱা উপস্থিত থাকি বক্তব্য প্ৰদান কৰে৷

কাব্যগ্ৰন্থখন প্ৰকাশ কৰিছে এম আৰ পাব্লিকেশ্যনৰ হৈ অপূৰ্ব কলিতাই৷
উল্লেখযোগ্য যে যোৰহাটৰ বাসিন্দা তথা অসম লেখিকা সংস্থাৰ আজীৱন সদস্যা জানু নাথৰ ‘নিবিচাৰোঁ সেই সময়’ কবিগৰাকীৰ তৃতীয়খন কাব্যপুথি৷
সাংবাদিক -লেখিকা
দৰ্শনা বৰুৱাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ৰেৱ কান্ত নাথ, ড° ৰোমান শৰ্মা,কাশ্যপ কুমাৰ নাথ,টনিস্কা কাশ্যপ নাথ ,ৰঞ্জুশ্ৰী বৰ্মন প্ৰমুখ্যে কেইবাগৰাকীও সাহিত্যপ্ৰেমী তথা গ্ৰন্থপ্ৰেমী ব্যক্তি উপস্থিত থাকে৷সভাৰ আৰম্ভণিতে যোৰহাট শাখা লেখিকা সংস্থা আৰু যোৰহাট কবি সন্মিলনৰ সদস্যা কবি জানু নাথে নিজৰ বক্তব্যত কাব্য চৰ্চা বিষয়ক মনৰ অনুভৱ ব্যক্ত কৰি গ্ৰন্থখনৰ উন্মোচক ,বিশিষ্ট অতিথি সকলৰ লগতে অনুষ্ঠানটিত উপস্থিত প্ৰতিগৰাকী ব্যক্তিকে কৃতজ্ঞতা জ্ঞাপন কৰে৷

‘নিবিচাৰোঁ সেই সময়’ কাব্য সংকলনখনত কবি জানু নাথৰ ২১ টা কবিতা সন্নিৱিষ্ট হৈছে৷


Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!