🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
৪ ফাগুন , সোমবাৰ, ইং ১৭ ফেব্ৰুৱাৰী ২০২৫
সূৰ্য্যোদয় ঘ :- ৬/৪/২১
সূৰ্য্যাস্ত ঘ :- ৫/১৩/১৯
ৰাশি : – কন্যা ৰাশি। ঘ:- ৪/৩০/৫৬ যোৱাত তুলা ৰাশি।
তিথি :- কৃষ্ণা পঞ্চমী তিথি। ৰা:ঘ:- ২/৪৩/৪৪ যোৱাত কৃষ্ণা ষষ্ঠী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- চিত্ৰা । শে:ৰা:ঘ:- ৫/৪৭/৬ লৈ।
শুভ সংখ্যা :- ৫/৭
শুভ ৰং : – বগা / হালধীয়া ।
আদ্যঋতু :- বেশ্যা যোগ ।
মৰণৰ দোষ :- নাই ।
যাত্ৰা :- দক্ষিণ দিশত নাই।ৰা:ঘ:- ২/৪৩/৪৪ যোৱাত পশ্চিম দিশত নাই।
যোগিনী :- দক্ষিণ দিশত।ৰা:ঘ:- ২/৪৩/৪৪ যোৱাত পশ্চিম দিশত।
ভক্ষাভক্ষ্য :- বেল খোৱা নিষেধ। ৰা:ঘ:- ২/৪৩/৪৪ যোৱাত তিতা খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ’ব পাৰে লগতে সংবাদ কৰ্মী সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব, লগতে আজি আপোনাৰ লগ বন্ধুৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, গুৰু বা জেষ্ঠ্য ব্যক্তিৰ পৰা মৰম- চেনেহ আৰু আশীৰ্বাদ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত দ্ৰব্য লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, পুৰণি সমস্যাৰ সমাধান হ’ব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত জয় লাভ হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, কৰ্মত সফলতা লাভ কৰিব, যান বাহন বা সম্পত্তি লাভ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান লাভ কৰিব, কৰ্মস্থানত সামান্য পৰিবৰ্তন আহিব পাৰে, লগতে আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জটিলতা আহিব পাৰে আৰ্থিক দিশট সামান্য ক্ষতি হব পাৰে লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ’ব, যদিও আজি আপুনি সজাগ নহ’লে লগ বন্ধুৰ লগত সামান্য ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপুনি ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব যদিও আজি আপুনি সজাগ নহ’লে ভ্ৰমণত সামান্য বাধাৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত নতুন নতুন ব্যৱসায় বানিজ্যত আৰম্ভণি কৰিবলৈ সুযোগ লাভ কৰিব, ঋণ লাভ কৰিব পাৰে, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, আনন্দ মনে দিনটো পাৰ হ’ব যদিও আজি আপুনি শত্ৰু পৰা সাৱধান হোৱাটো ভাল হ’ব।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205