🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
৬ ফাগুন , বুধবাৰ, ইং ১৯ ফেব্ৰুৱাৰী ২০২৫
সূৰ্য্যোদয় ঘ :- ৬/৩/২৭
সূৰ্য্যাস্ত ঘ :- ৫/১৪/৫৭
ৰাশি : -তুলা ৰাশি। শে:ৰা:ঘ:- ৪/১১/৪১ যোৱাত বৃশ্চিক ৰাশি।
তিথি :- কৃষ্ণা সপ্তমী , অহোৰাত্ৰ।
নক্ষত্ৰ :- স্বাতী । ঘ:- ৮/২২/৩১ লৈ।
শুভ সংখ্যা :- ৫/৩
শুভ ৰং : – বগা / সেউজীয়া ।
আদ্যঋতু :- বেশ্যা যোগ ।
মৰণৰ দোষ :- এপদ, ঘ:- ৮/২২/৩১ যোৱাত ত্ৰিপদ ।
যাত্ৰা :- বাযু কোনত নাই।
যোগিনী :- বাযু কোনত।
ভক্ষাভক্ষ্য :- তাল খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত আনৰ পৰা উপহাৰ লাভ কৰিব পাৰে যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, লগতে আজি আপোনাৰ মনত সৰু সুৰা কথাতে সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য অভিমান ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, সমাজ কৰ্মী সকলৰ সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, কৰ্মত যশস্যা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- ধান আহিব, যদিও আজি সজাগ নহ’লে ছাত্ৰ ছাত্ৰী সকলে সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ কৰ্মত সামান্য অৱহেলা আৰু জটিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰি, যদিও আজি আপুনি চোৰৰ পৰা সাৱধান হোৱাটো ভাল হ’ব, লগতে আজি আপোনাৰ দেহ মনত সামান্য অৱসাদ ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি কৰ্মত সকলো দিশতে সাৱধান হোৱাটো ভাল হ’ব লগতে আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, সংগীত শিল্পী সকলে গীত মাতত ব্যস্ততা বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য অস্থিৰ হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন প্ৰেমত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, মনটো সামান্য চঞ্চল হ’ব পাৰে যদিও আজি আপুনি সজাগ নহ’লে সামান্য খৰছ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত নতুন নতুন দ্বায়িত্ব লাভ কৰিব, প্ৰেমত আনন্দ বাঢ়িব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক উন্নতি হ’ব, ভোজন বিলাস বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে মনটো সামান্য উদ্বিগ্ন হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!