“আন্ত:ৰাষ্ট্ৰীয় মাতৃভাষা দিৱস”ত ভাৰতৰ লগতে অসমত পোন প্ৰথম বাৰৰ বাবে ভাৰতৰ ৰাজ্য সমূহৰ মাতৃ ভাষাৰ গীত সমূহক একত্ৰিত কৰি “ভাষা আৰু সংস্কৃতিৰ প্ৰতিধ্বনি” শীৰ্ষক নৃত্যনাট্য লোক সম্পদ পুতলা নাচৰ জৰিয়তে বিনীতা দেৱীৰ পৰিচালনাত মঞ্চায়ন
আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস ২০২৫-ৰ মূল উদ্দেশ্য হৈছে বিশ্বজুৰি ভাষাগত বৈচিত্ৰ্যৰ সন্মান, সংৰক্ষণ আৰু প্ৰচাৰ প্ৰসাৰ কৰা। এই দিৱসটোৱে সকলো মাতৃভাষাৰ অধিকাৰ সুৰক্ষিত কৰি ভাষা শিক্ষাৰ প্ৰসাৰ আৰু বহু-ভাষিকতাৰ প্ৰয়োজনীয়তা সজাগ কৰে। ২০২৫ চনত, আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উদযাপন বিশেষ তাৎপৰ্যপূর্ণ, কাৰণ এই বছৰ ইউনেস্ক’ৰ দ্বাৰা ২১ ফেব্ৰুৱাৰীক আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাপে স্বীকৃতি দিয়াৰ ২৫ বছৰ পূৰ্ণ হৈছে। তেনে ক্ষণত আজি ষ্টেট বেংক অৱ ইণ্ডিয়াৰ চৰকাৰী ভাষা বিভাগে আয়োজন কৰা “আন্ত:ৰাষ্ট্ৰীয় মাতৃভাষা দিৱস”ত ভাৰতৰ লগতে অসমত পোন প্ৰথম বাৰৰ বাবে ভাৰতৰ ৰাজ্য সমূহৰ মাতৃ ভাষাৰ গীত সমূহক একত্ৰিত কৰি “ভাষা আৰু সংস্কৃতিৰ প্ৰতিধ্বনি” শীৰ্ষক নৃত্যনাট্য লোক সম্পদ পুতলা নাচৰ জৰিয়তে ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত বিনীতা দেৱীৰ পৰিচালনাত মঞ্চায়ন কৰাটো। সুৰজিৎ একাডেমীৰ শিল্পী সকলে প্ৰথম বাৰৰ বাবে ভাৰতত তথা অসমত লাঠী পুতলা, ছাঁ পুতলা, হাত পুতলা আৰু সূতা পুতলাৰ জৰিয়তে সঙ্গীতৰ এই সুমধুৰ লয় “ভাষা আৰু সংস্কৃতিৰ প্ৰতিধ্বনি” শীৰ্ষক নৃত্যনাট্যত পুতলা নাচৰ জৰিয়তে পৰিৱেশন কৰে। এইক্ষেত্ৰত ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু বিনীতা দেৱী প্ৰশংসাৰ পাত্ৰ। পুতলা নাচৰ পৰিবেশনে ভাৰতৰ ভাষাগত বৈচিত্র্যৰ সমাহাৰৰ ৰূপ সুন্দৰ ভাৱে দৃষ্টি আকৰ্ষণ কৰিছে। পুতলা নাচৰ কলাৰ দ্বাৰা দেশৰ সকলো মাতৃ ভাষাৰ গুৰুত্ব আৰু সাংস্কৃতিক জ্ঞান সুন্দৰ ভাৱে তুলি ধৰা হয়। পুতলা সমূহ সঞ্চালন কৰিছে বিনীতা দেৱী, প্ৰণৱ জ্যোতি ৰাভা, তৃষ্ণা ৰাজবংশী, পালক কৈৰী, কৰিস্মিতা তালুকদাৰ, কৃষ্টি ৰাজবংশী, সীমান্ত শৰ্মা, ধ্ৰুৱ জ্যোতি কলিতা আৰু গণেশ বড়ো । পুতলা সমূহ তৈয়াৰ কাৰ্য্যত সহযোগিতা আগবঢ়ায় প্ৰণৱ জ্যোতি ৰাভা, বিনীতা দেৱী, হিমাংশু দাস, কৃতাৰ্থ শৰ্মা আৰু দীপা মহন্তই। পুতলা নাচৰ শিল্পী সকলৰ অপূৰ্ব শিল্প আৰু পুতলা নাচৰ সঞ্চালনৰ কৌশলে শ্ৰোতাবৃন্দক মুগ্ধ কৰি তোলে। এই কলাৰ পৰিবেশনে ভাৰতৰ লোক কলা পুতলা নাচ আৰু ৰাজ্য সমুহৰ মাতৃ ভাষাৰ সংগীত সমুহক একত্ৰিত কৰি প্ৰতি ভাষা, ধৰ্ম, জাতি, বৰ্ণৰ মাজত থকা সম্পৰ্ক সুদৃঢ় কৰিছে। এই অনুষ্ঠানটি এক উল্লেখযোগ্য সফলতা আছিল, যিয়ে সাংস্কৃতিক পৰম্পৰাক সুৰক্ষিত ৰাখি ভাষাগত বৈচিত্র্যক আৰু সাংস্কৃতিক পৰম্পৰাক সুদৃঢ় কৰি লোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা। পুতলা নাচৰ জৰিয়তে প্ৰতি ৰাজ্যৰ সংগীত সমূহ সুন্দৰভাৱে নৃত্য পৰিৱেশন কৰি দৰ্শকৰ হৃদয় জয় কৰিব পাৰিছে। কোনো ক্ষেত্ৰত নৃত্যৰ জড়তা দেখা পোৱা নাছিল, সঙ্গীতৰ লয়ত সুন্দৰ পুতলা সঞ্চালন। সেই নৃত্য
যেন মানৱে নৃত্য পৰিৱেশন কৰিছিল তেনে অনুভৱ দৰ্শকৰ হৈছিল। এইক্ষেত্ৰত পুতলা নাচৰ পৰিচালক বিনীতা দেৱী প্ৰশংসাৰ পাত্ৰ। এনে এটি কঠিন কাম পুতলা নাচৰ জৰিয়তে সফলতাৰে দৰ্শকৰ আগত উপস্থাপন কৰা সহজ নহয়। আগত দিনত এনে ধৰণৰ এক বৃহৎ প্ৰকল্পৰ মনোমোহা কাৰ্যৰ জৰিয়তে অসমৰ কলা বিশ্বৰ দৰবাৰলৈ আগুৱাই নিয়ক তাৰেই আশা ৰাখিলোঁ। এই সুন্দৰ পদক্ষেপৰ বাবে দৰ্শকে গুৱাহাটীত থকা স্থানীয় মুখ্য কাৰ্য্যালয় ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু সুৰজিৎ একাডেমীৰ পৰিচালক সহিতে কলা-কুশলীক প্ৰশংসা কৰে।