অহা ১ আৰু ২ মাৰ্চত নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব “খেলো ইণ্ডিয়া-এন টি পি চি উত্তৰ পূব মুকলি আৰ্চাৰী প্ৰতিযোগিতা” । আৰ্চাৰী এছচিয়েচন অৱ ইণ্ডিয়াৰ সহযোগত অসম আৰ্চাৰী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যই অংশগ্ৰহণ কৰিব । প্ৰতিযোগিতাখনৰ বাবে প্ৰায় ১৪০ গৰাকী আৰ্চাৰে ইতিমধ্যে পঞ্জীয়ন কৰিছে । অসমক প্ৰতিনিধিত্ব কৰিবলগীয়া আৰ্চাৰৰ সংখ্যা প্ৰায় ৪৮ গৰাকী । প্ৰতিযোগিতাৰ প্ৰথমদিনা শনিবাৰে ৰিকাৰ্ভ ইভেন্ট অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়দিনা দেওবাৰে অনুষ্ঠিত হ’ব কম্প্ৰাউণ্ড শাখাৰ মেচ । প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং, এন টি পি চিৰ প্ৰতিনিধিৰ উপৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব । আনহাতে,সামৰণি অনুষ্ঠানত গুৱাহাটী ছাইৰ কাৰ্যবাহী সঞ্চালক ডি কে মিট্টাল, সহকাৰী সঞ্চালক সম্ভূ যাদৱৰ উপৰি এন টি পি চিৰ প্ৰতিনিধি উপস্থিত থকাৰ কথা । প্ৰতিযোগিতাখন পৰিচালনা কৰিবৰ বাবে টেকনিকেল অফিচিয়েল সকলক প্ৰেৰণ কৰিছে আৰ্চাৰী এছচিয়েচন অৱ ইণ্ডিয়াই ।
শুক্ৰবাৰে ,অসম অলিম্পিক সন্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সংবাদমেলত এই কথা জনালে অসম আৰ্চাৰী সন্থাই । সংবাদমেলত অসম আৰ্চাৰী সন্থাৰ হৈ উপস্থিত থাকিল উপ-সভাপতি প্ৰশান্ত কাঠকটীয়া ,সম্পাদক জয়ন্ত বড়ো,কোষাধ্যক্ষ লোহিত দাসৰ উপৰি ৰাজ্যিক সন্থাৰ বিষয়-ববীয়াসকল ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!