ৰাজ্যৰ অন্যতম সেচ্ছাসেৱী অনুষ্ঠান মনালিছা ছ’চাইটিয়ে প্ৰতি বছৰৰ দৰে এই বছৰো আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি আজি ৭ মাৰ্চ, ২০২৫ তাৰিখে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত একানপতীয়া সেৱাত ব্ৰতী হোৱা ন-গৰাকী বিশিষ্ট নাৰীলৈ ২০২৫ বৰ্ষৰ “অসম জননী বঁটা” প্ৰদান কৰে। অসমৰ প্ৰথম গৰাকী মহিলা আই. জি. পি ভায়োলেট বৰুৱাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি বঁটা প্ৰাপক সকলক বঁটা সমূহ প্ৰদান কৰে। দিছপুৰ প্ৰেছ ক্লাবত দিনৰ ১১.৩০ বজাত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানৰ বঁটা প্ৰাপক সকল হ’ল – জ্যেষ্ঠ প্ৰশাসনিক বিষয়া গীতাঞ্জলি ভট্টাচাৰ্য, শিশু বিশেষজ্ঞ তথা কে জি এম টি হাস্পতালৰ জৰিয়তে শিশু আৰু মহিলা সকললৈ নিৰৱছিন্নভাৱে সেৱা আগবঢ়োৱা ডা: নিৱেদিতা গোস্বামী, প্ৰতিদিন টাইমৰ সঞ্চালক স্মৃতাক্ষী বি গোস্বামী, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ অংকুশিতা বড়ো, সু-বক্তা তথা সাংৱাদিক এঞ্জেলা চাংমাই, জনপ্ৰিয় কন্ঠশিল্পী অৰুন্ধতী ভানুপ্ৰিয়া, জ্যেষ্ঠ সাংবাদিক অভিলাষা বৰা, সমাজসেৱিকা বেলা শৰ্মা আৰু সমাজসেৱিকা অৰুণা ফুকনক।