আগন্তুক বিটিচি নিৰ্বাচনত বিজেপিয়ে নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে দলৰ মাজত আৰম্ভ হৈছে ব্যাপক তৎপৰতা।জিলা-মণ্ডল সমূহত সভাপতি সমূহক ৰদ-বদলেৰে দলৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ চেষ্টা চলাইছে।সেইদৰে আজি কোকৰাঝাৰ জিলা বিজেপিৰ অন্তৰ্গত কচুগাওঁ মণ্ডলত মণ্ডলৰ নৱ-নিযুক্ত মণ্ডল সভাপতি স্বপন দৈমাৰীয়ে দ্বায়িত্বভাৱ গ্ৰহণ কৰে।মণ্ডলটোৰ প্ৰাক্তন সভাপতি ৰমাকান্ত ব্ৰহ্মই নৱ-নিযুক্ত সভাপতিক দ্বায়িত্বভাৱ অৰ্পণ কৰে।সেই উদ্যেশ্যৰে মণ্ডল কাৰ্য্যালয়ত আয়োজিত অনুষ্ঠানত কাৰ্যকৰ্তা সকলে নৱ-নিযুক্ত সভাপতিক আৰণাই,ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।আজিৰ এই অনুষ্ঠানত মণ্ডল প্ৰভাৰী কপিল ব্ৰহ্ম, মণ্ডল উপ:সভাপতি দিৱস সৰকাৰ, কোকৰাঝাৰ জিলা সম্পাদক সিদ্ধাৰ্থ নাৰ্জাৰী,মণ্ডলৰ জেষ্ঠ কাৰ্যকৰ্তা ৰিকেশ আগৰৱালা,মণ্ডল কোষাধক্ষ্য পাৰ্থ পাল সহ দলৰ আন আন নেতা কৰ্মী উপস্থিত থাকে।