সজাগতা সভাৰ লক্ষ্যৰে উলিওৱা হয় শোভাযাত্ৰা
সদৌ অসম আদিবাসী মহিলা শক্তি চমুকৈ আওপাৰ বাঘজান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু প্ৰাথমিক সমিতিৰ সহযোগত আন্তঃৰ্জাতিক নাৰী দিৱসৰ স’তে সংগতি ৰাখি এক শোভাযাত্ৰা উলিওৱা হয়।
নাৰী দিৱসৰ সতে সংগতি ৰাখি মহিলা সকলৰ সৱলীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত এখনি সজাগতা সভাৰ আয়োজন কৰা হয়।
শাসক চৰকাৰে “বেটি বচাও বেটী পঢ়াও” ৰ শ্লোগান দিছে ঠিকেই কিন্তু আজি নাৰীৰ সুৰক্ষা এই মুলুকত নাই। বাৰম্বাৰ নাৰী সকল নিৰ্যাতিত হোৱা খবৰসমূহে বাতৰিৰ শিৰোনামা দখল কৰি আহিছে ।
তেনেক্ষেত্ৰত আজিকোপতি বিজেপি চৰকাৰে মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনোএখন আইন বলৱৎ কৰাৰ চেষ্টা কৰাৰ উদাহৰণ নাই ।
এতেকে পুৰুষৰ সমানে খোজত খোজ মিলাই সমমৰ্যাদা আৰু সমঅধিকাৰৰ বাবে দিয়ামুলি চাহ বাগিচাৰ ১১নং লাইনৰ খেলপথাৰত বৃহত সজাগত সভাটিৰ আয়োজন কৰা হয় ।
আনহাতে সজাগতা সভাটিৰ জৰিয়তে চাহ বাগান আৰু অধ্যুষিত অঞ্চল সমুহত কাঠ ফুলাৰ দৰে গঢ় লৈ উঠা চুলাই ভাটি সমুহ বন্ধ কৰাৰ বাবে আওপাই প্ৰশাসনক দাবী জনায় ।
চাহ বাগিচা আৰু গাওঁত প্ৰচলিত মুৰ্গী যুজ সমুহ বন্ধ তথা বাল্য বিবাহ বন্ধৰ ক্ষেত্ৰত তৎপৰ হৈ থকা আদিবাসী মহিলা শক্তিয়ে সমাজৰ অপশক্তি সমুহক সজাগতা সভাৰ জৰিয়তে সকিয়নী প্ৰদান কৰে।