প্ৰায় এক কেজি সোণ সৰবৰাহৰ অপৰাধত গ্ৰেপ্তাৰ এগৰাকী এয়াৰ হোষ্টেছ। তেওঁ কলকাতাৰ বাসিন্দা। তেওঁ ওমানৰ মাস্কাটৰ পৰা কেৰালাৰ কান্নুৰলৈ লৈ গৈছিল সোণ। ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ এক সূত্ৰই জনোৱা মতে, সোণখিনি বিমান পৰিচাৰিকাগৰাকীৰ মলদ্বাৰত আছিল।

ডি আৰ আই কোচিনৰ সূত্ৰ অনুসৰি ধৃত এয়াৰ হোষ্টেছৰ নাম সুৰৱী খাতুন। ২৮ মে’ত কান্নুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে। সুৰৱীক তালাচী চলাই প্ৰায় ৯৬০ গ্ৰাম সোণ উদ্ধাৰ কৰা হৈছে। সেই সোণ মলদ্বাৰৰ ভিতৰত আছিল। গ্ৰেপ্তাৰৰ পিছত বিমান পৰিচাৰিকাগৰাকীক দণ্ডাধীশ আদালতত হাজিৰ কৰা হয়। ১৪ দিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। এতিয়া এয়াৰ হোষ্টেছগৰাকী কান্নুৰৰ মহিলা কাৰাগাৰত ভৰ্তি হৈ আছে।

সূত্ৰ অনুসৰি ইয়াৰ পূৰ্বেও সুৰৱীয়ে বহুবাৰ সোণৰ সৰবৰাহ কৰা বুলি অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই বিমান সংস্থাটোৱে। তদন্তকাৰীৰ সূত্ৰ অনুসৰি ইয়াৰ আঁৰত থাকিব পাৰে কেৰালাৰ চোৰাংচোৱা চক্ৰ।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!