২০১৯ বৰ্ষৰ শশীপ্ৰভা কলিতা সোৱৰণি ৰাজ্যিক আদৰ্শ জননী বটা প্ৰাপ্ত সুকণ্ঠী গায়িকা শিল্পী তথা বিশিষ্ট শিক্ষাবিদ ড°লক্ষহীৰা দাসৰ আজি পুৱতি নিশা ৯৪ বছৰ বয়সত গুৱাহাটীৰ নিজা বাসভৱনত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে৷ কণ্ঠশিল্পী গৰাকীৰ মৃত্যুত আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতি, জনপ্ৰিয় অসমীয়া সাপ্তাহিক অমৃত প্ৰবাহ কাকতগোষ্ঠী অমৃত নিউজ আৰু প্ৰেছ ক্লাব অসমৰ হৈ ড°দয়ানন্দ পাঠক কৈলাস শৰ্মা মৃণালিনী দেৱী আৰু হীৰেন চন্দ্ৰ কলিতাই গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷
