বিশ্ব পৰিৱেশ দিৱসৰ দিনায়ে এটি কাৰ্টুন অংকণেৰে সামাজিক মাধ্যমত প্ৰতিবাদ নাজিৰাৰ কাৰ্টুনিষ্ট ভাস্কৰজ্যোতি মহন্তৰ।

প্ৰতিবেদক নাজিৰা, 5 জুন:- আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ অসমতে উলহ মালহেৰে পালন কৰিছে এই দিৱসটি। প্ৰচাৰিত হৈছে প্লাষ্টিক প্ৰদূষণ ৰোধ কৰক শ্লোগান। কিন্তু ইয়াৰ বিপৰীত প্ৰতিচ্ছবি নাজিৰাত। নাজিৰা নগৰ দিখৌ দলঙৰ কাষত নাজিৰা নগৰলৈ আদৰণি লিখা ফলকৰ ওচৰত নাজিৰা পৌৰসভাই পেলোৱা অ’লাগতিয়াল এবাৰ বিবহ্ৰিত প্লাষ্টিকৰ লগতে আন জাৱৰ জোথৰ দমৰ পৰা সদায় নিৰ্গত হৈ আছে দুৰ্গন্ধ। স্থানীয় ৰাইজ, ব্যৱসায়িক প্ৰতিস্থান সমূহে বহুতো আবেদন-নিবেদন, প্ৰতিবাদ কৰাৰ পিছতো গা নলৰিল বিভাগীয় কৰ্তৃপক্ষৰ। যাৰ পৰিপ্ৰেক্ষিতত অসমৰ লগতে নাজিৰাৰ বিভিন্ন সমস্যাৰ আৰু গঠনমূলক কাৰ্টুন অংকণেৰে জনপ্রিয়তা লাভ কৰা কাৰ্টুনিষ্ট ভাস্কৰজ্যোতি মহন্ত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি অংকণ কৰা কাৰ্টুনত উল্লেখ কৰিছে যে, কেৱল বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে সমদল শ্লোগান দি কেমেৰাৰ আগত ফটো মাৰি ৰাইজকহে সজাগ কৰিহে থাকিম নে জাৱৰ জোথৰ নিষ্কাশন যন্ত্ৰৰ জৰিয়তে বিজ্ঞান সন্মতভাৱে জাৱৰ নিষ্কাশন কৰি নাজিৰা নগৰলৈ আদৰণি লিখা ফলকৰ ওচৰৰ প্লাষ্টিকৰ লগতে অন্যান্য জাৱৰ জোথৰৰ দ’ম পৰা দুৰ্গন্ধময় পৰিৱেশতো নাইকীয়া কৰি পথাচাৰীক সকাহ দিব , এইয়া এক ডাঙৰ প্ৰশ্ন।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!