বাক্সাৰ মুছলপুৰত ৫৩.৮৬ কোটি টকা ব্যয় সাপেক্ষে ৫০০গৰাকী কাৰাবন্দীক ৰখাৰ ব্যৱস্থাৰে নিৰ্মাণ কৰা বাক্সা জিলা কাৰাগাৰৰ শুভ উদ্বোধনী কাৰ্যসূচীত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে।
এই কাৰাগাৰখনত চিকিৎসালয়, স্কুল আৰু পুথিভঁৰালৰ দৰে অন্যান্য আন্তঃগাঁথনিৰ লগতে পুৰুষ আৰু মহিলা কাৰাবন্দীৰ বাবে পৃথক বিনোদন কেন্দ্ৰ, কৰ্মশালা এলেকা, কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীৰ বাবে কেণ্টিন, কাৰাবন্দীৰ বাবে ৰান্ধনিশাল আৰু ভোজনালয় গৃহ ইত্যাদি সন্নিৱিষ্ট কৰি আধুনিক ৰূপ প্ৰদান কৰা হৈছে৷
এই কাৰ্যসূচীত অংশ লোৱাৰ সময়ত বড়োভূমিক শান্তিৰ নতুন অঞ্চললৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীয়ে কেইবাটাও দিশৰ কথা ঘোষণা কৰে —
➡️ কুৱাৰীচ’কৰ পৰা অঞ্চলি আৰু মেৰকুছিৰ পৰা বাগানপাৰালৈ ১৫ কিল’মিটাৰ পথ শীঘ্ৰে নিৰ্মাণ কৰা হ’ব
➡️ প্ৰতিশ্ৰুতি অনুসৰি নিকাছী মহাবিদ্যালয়ত বিজ্ঞান শাখা আৰম্ভ হৈছে
➡️ অহা ১ অক্টোবৰৰ পৰা বজাৰ মূল্যতকৈ ৩০ টকা কমত চেনি, দালি, নিমখ যোগান ধৰা হ’ব
➡️ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া শিক্ষাৰ্থীসকলক পুষ্টিকৰ খাদ্য যোগান ধৰাৰ বাবে ৩০০ টকাকৈ প্ৰদান কৰা হ’ব
➡️ অহা জুলাই মাহৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে তেওঁলোকৰ পৰা আবেদন সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব৷৷৷