সংখ্যালঘু লোকৰ ঘৰে ঘৰে মিঞাক বিচাৰি অভিমান চিতু বৰুৱাৰ, উভয় পক্ষ্যৰে বাক্ বিতণ্ডাৰ মাজত দ্বিতীয় পক্ষ্যই গোষ্ঠীগত সংঘাত লগোৱাৰ অপচেষ্টা
শিৱসাগৰত মিঞা থাকিবই, জিলাখনত আইন শৃংখলতাৰ ব্যাপক অৱনতি | আমি মাত মাতিমেই, আমাক কোনেও বাধা দিব নোৱাৰে | উজনিত মিঞা খেদা অভিযানকলৈ চিতু বৰুৱাক উভতি ধৰিলে খিলঞ্জীয়া মুছলমান ইউনুছ তামুলী সহ স্থানীয় ৰাইজে | জাতীয় সংগ্ৰামী সেনা, অসম আৰু আহোম জাতীয় গণমঞ্চৰ বিষয়ববীয়াই স্কেপিং ও লোৰ ডেম্পত অনাধিকাৰ ভাৱে প্ৰৱেশ কৰি মিঞা লোকক সকিয়নী প্ৰদান কৰাকলৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে শিৱসাগৰত | এইসকল আইনৰ উৰ্ধত নেকি? ভাৰতীয় নাগৰিক এজনে ৰাজ্য এখনৰ ইমূৰৰ পৰা সিমূৰলৈ কৰ্মৰ সন্ধানত যাব নোৱাৰে নেকি? যদি কোনোবাই অপৰাধ জনিত ঘটনা সংঘটিত কৰিছে | তাৰ বাবে আইন, সংবিধান আছে, সেইমতে শাস্তি পাব | কিন্তু এনেকৈ প্ৰকৃত ভাৰতীয় নাগৰিকক মুকলি ভাৱে ভাবুকি দিয়াৰ অধিকাৰ এইসকলক কোনে দিলে? কেৱলমাত্ৰ দুখীয়া-দৰিদ্ৰ খাটিখোৱা সাধাৰণ মিঞা জনগোষ্ঠীয় লোকসকলৰ ওপৰত প্ৰভূত্ব দেখুওৱা সকলে বহিৰাগত বনিকগোষ্ঠীৰ ক্ষেত্ৰত ইমান নৰম কিয়? নে তেওঁলোকৰ পৰা মাহিলী হিচাপত কিবা পাই আছে? ৰাইজে প্ৰশ্ন সংগঠনসমূহলৈ | মিঞাৰ বিৰুদ্ধে অভিযান চলোৱা সংগঠনক তীব্ৰ বাধা শিৱসাগৰৰ খিলঞ্জীয়া মুছলমানৰ | আনহাতে কোন এই সুবিৰ মেছ? ছ’চিয়েল মিডিয়াৰ যোগেদি গোষ্ঠীগত সংঘৰ্ষ লগোৱাৰ অপচেষ্ঠা চলাইছে সুবিৰ মেছে | আন কেইবাজন লোকৰো উচটনিমূলক ফেচবুক পুষ্ট দেখা গৈছে | অসম আৰক্ষী তথা শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকে এই সকল লোকক নাকী লগাবলৈ সক্ষম সবনে | শিৱসাগৰত ‘এজনো বাংলাদেশী আছে যদি প্ৰমাণ কৰি দেখাওক’ ইউনুছ তামুলী সহ খিলঞ্জীয়া মুছলমান ৰাইজৰ দাবী সংগঠনসমূহলৈ | ‘অভিযানৰ নামত প্ৰকৃত ভাৰতীয়ৰ ওপৰত হাৰাশাস্তি জাতীয় সংগ্ৰামী সেনা, অসমৰ নেতা চিতু বৰুৱা আৰু আহোম জাতীয় গণমঞ্চৰ’ | উজনিৰ অভিযানকলৈ সৰৱ চৰ্চা বিভিন্ন মহলত | লগতে প্ৰায়ে বিতৰ্কৰ মাজত সোমাই পৰা শৃংখল চলিহাৰ মন্তব্য, শিৱসাগৰত যদি কোনোবা খিলঞ্জীয়াৰ কিবা হয় মইয়ো শান্তিকে এৰি নিদিম ফেচবুক পুষ্ট কৰিছে শৃংখল চলিহাই | কিন্তু ভাৰতীয় নাগৰিকক আক্ৰমণ অথবা সম্পত্তি বিনষ্ট হলে শৃংখল চলিহা নতুবা চিতু বৰুৱা গ্ৰেপ্তাৰ হ’বনে? সি এতিয়া সৰ্বত্ৰে চৰ্চা অব্যাহত আছে |