খহি পৰিল দিচাং নদীৰ দলঙৰ এটা মূৰৰ অংশ
প্ৰায় তিনিবছৰ পূৰ্বে চেপন-চোনপোৰা পথত থকা দিচাং নদীৰ দলঙখনেদি যাতায়াত কৰা এখন ডাম্পাৰ গাড়ী দলঙৰ এটা মূৰৰ প্ৰায় ছয় মিটাৰ অংশত খহি পৰাত ডাম্পাৰখন দলঙত ওলমি পৰে । এই ঘটনাৰ সময়ৰ পৰাই এমাহমান সেই পথেদি যান বাহন চলাচল বন্ধ হৈ পৰে । পিছত অ’ এন জি চিয়ে চিঙি পৰা দলঙৰ অংশৰ পৰা পাৰলৈকে লোহাৰে লঘূ বাহন চলাচল কৰিব পৰাকৈ নির্মাণ কৰি দিয়ে । চৰকাৰেও তেতিয়াই দলঙখনৰ কাষৰ পৰাই এখন পকী দলঙ নিৰ্মাণৰ বাবে পৰ্যাপ্ত ধন আৱণ্টন দি দলং নিৰ্মাণৰ কাম আৰম্ভ কৰে । যদিও মাত্ৰ এটা খুটা পুতিয়েই দলঙৰ নিৰ্মাণৰ কাম স্থবিৰ কৰি ৰাখে । আজি পৰ্যন্ত দলঙখনৰ চাৰিভাগৰ এক অংশও কাম সম্পন্ন হোৱা নাই বিভাগীয় বৰমূৰীয়া আৰু সংশ্লিষ্ট ঠিকাদাৰৰ হেমাহিৰ বাবে । তালি তোপোলা মাৰি দলঙখনেদি লঘু বাহন চলাচল কৰি আহিছিল । যদিও আজি পুনৰ এই দলঙৰ ওপৰেদি যান বাহন চলাচল বন্ধ হৈ পৰে । দিচাং নদীৰ খহনীয়া আৰু বান নিয়ন্ত্ৰণ ( মঠাউৰি ) বিভাগৰ বৰমূৰীয়া সকলৰ দায়িত্বহীনতাৰ বাবেই আজি দলঙখনৰ এটা মূৰৰ অংশ খহি পৰে । ইয়াৰ ফলত স্থানীয় ৰাইজে খহি পৰা দলঙৰ অংশৰ ওপৰত ডাঙ মাৰি দি যান বাহন চলাচল বন্ধ কৰি দিবলৈ বাধ্য হয় । সমষ্টিটোত প্ৰতিনিধিত্ব কৰা বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন আৰু জিলাৰ অভিভাৱক মন্ত্রী ৰনোজ পেগুৱে উক্ত দিচাং নদীৰ দলঙখন তিনিমাহৰ ভিতৰত নিৰ্মাণ সম্পন্ন কৰা হ’ব বুলি জনগণক প্ৰতিশ্ৰুতি দিছিল । যদিও আজি প্ৰায় তিনি বছৰ অতিক্ৰম কৰাৰ পিছতো দলঙখন নিৰ্মাণৰ কাম চাৰিভাগৰ এক অংশও সম্পন্ন নোহোৱাত ৰাইজে ক্ষোভ উজাৰিছে ।