জয়পুৰ বিমানবন্দৰত নিৰাপত্তাৰক্ষীৰ স্ক্ৰীনিংক লৈ হোৱা কাজিয়াত এজন পুৰুষ সহকাৰী উপ পৰিদৰ্শকক চৰ মাৰি গ্ৰেপ্তাৰ কৰা হৈছে স্পাইচজেটৰ এগৰাকী কৰ্মচাৰী। বিমানবন্দৰৰ চিচিটিভি কেমেৰাত ধৰা পৰে এই ঘটনা।

চি আই এছ এফৰ বিষয়াসকলে জনোৱা মতে, অনুৰাধা ৰাণীক পুৱা প্ৰায় ৪ বজাত অন্য কৰ্মচাৰীৰ সৈতে বিমানবন্দৰত প্ৰৱেশ কৰাৰ সময়ত গেটেৰে প্ৰৱেশৰ বৈধ অনুমতি নথকাৰ বাবে সহকাৰী উপ পৰিদৰ্শক গিৰিৰাজ প্ৰসাদে ৰখাই দিয়ে। ইয়াৰ পিছত অনুৰাধাক ওচৰৰ প্ৰৱেশদ্বাৰত বিমান সংস্থাৰ ক্ৰুৰ বাবে স্ক্ৰীনিং কৰিবলৈ কোৱা হৈছিল যদিও সেই সময়ত তাত কোনো মহিলা চিআইএছএফৰ কৰ্মী উপস্থিত নাছিল বুলি তেওঁলোকে লগতে কয়।
ইয়াৰ পিছত সহকাৰী উপ পৰিদৰ্শকে এগৰাকী মহিলা সহকৰ্মীক নিৰাপত্তা পৰীক্ষা সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায় যদিও তেতিয়ালৈকে ইতিমধ্যে কাজিয়া তীব্ৰতৰ হৈ পৰিছিল। পৰিনতিত উপ পৰিদৰ্শকগৰাকীক চৰ মাৰিছিল যুৱতীগৰাকীয়ে।
স্পাইচজেটৰ মুখপাত্ৰৰ আনুষ্ঠানিক বিবৃতি অনুসৰি কৰ্মচাৰীজনৰ হাতত আছিল “বৈধ বিমানবন্দৰত প্ৰৱেশ পাছ”। কোম্পানীটোৱে লগতে অভিযোগ কৰিছে যে মহিলা কৰ্মচাৰীগৰাকীক “চিআইএছএফৰ কৰ্মীসকলে অনুপযুক্ত আৰু অগ্ৰাহ্য ভাষা কৈছিল। য’ত তেওঁক কৰ্তব্যৰ পিছত ঘৰত লগ কৰিবলৈ আহিবলৈ কোৱাও হৈছিল।”
“স্পাইচজেটে ইয়াৰ মহিলা কৰ্মচাৰীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ এই গুৰুতৰ ঘটনাটোত তাৎক্ষণিক আইনী ব্যৱস্থা গ্ৰহণ কৰি আছে আৰু স্থানীয় আৰক্ষীৰ কাষ চাপিছে। আমি আমাৰ কৰ্মচাৰীৰ সৈতে দৃঢ়তাৰে থিয় দিছো আৰু তেওঁক সম্পূৰ্ণ সমৰ্থন প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ,” স্পাইচজেটৰ মুখপাত্ৰগৰাকীয়ে কয়।