সৰ্প দংশনত অচেতন এগৰাকী মহিলা, চিকিৎসকৰ আপ্ৰাণ চেষ্টাত প্ৰাণ ৰক্ষা মহিলা গৰাকীৰ।
বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী চকীৰ অন্তৰ্গত কোকিলা মৌলভীপাৰাত ১১ জুলাইত জাহিদুল ইছলামৰ পত্নী সহিদা খাতুন সাপে দংশন কৰাত ভয় আৰু বিষত অচেতন হৈ পৰে। জানিব পৰা মতে, ঘৰত গৈ থকা অৱস্থাত লিংলিঙিয়া ৰাস্তাত সাপটোৱে ভৰিত প্ৰথমে মেৰিয়াই তৎমুহূৰ্ততে দংশন কৰে। পিছত চিঞৰ বাখৰ কৰাত তেওঁক ঘৰলৈ নিয়া হয় যদিও বমি কৰিবলৈ ধৰাত ততাতয়াকৈ বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়াত ভৰ্তি কৰে। চিকিৎসকে চিকিৎসা কৰি একাধিক বেজি, চেলাইন দিয়াৰ পিছত বিপদ মুক্ত হয়। কি সাপে খুঁটিলে নিশ্চিত হোৱা নাই। যদিও কোকিলা অঞ্চলত ৰাছেল ভাইপাৰৰ আতংকত চিন্তিত হৈ পৰিছে ৰাইজ।