শ্ৰীলংকাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বানপানী আৰু ভূমিস্খলনত ১৪ জন লোকৰ মৃত্যু হৈছে। তদুপৰি কেইবাজনো লোক সন্ধানহীন হৈ আছে। অধিক বৰষুণ আৰু ধুমুহা বৰষুণৰ আগজাননী থকাৰ বাবে সোমবাৰে সকলো বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিছে চৰকাৰে।
দেওবাৰে ৰাজধানী কলম্বোৰ সমীপত একেটা পৰিয়ালৰ তিনিজন সদস্য বানপানীৰ পানীত উটি যায়। খহি পৰা মাটিৰ তলত পুতি থোৱাৰ ফলত এগৰাকী ১১ বছৰীয়া কিশোৰী আৰু এজন ২০ বছৰীয়া যুৱকৰ মৃত্যু হয়। যোৱা মাহৰ ২১ তাৰিখৰ পৰা বৰষুণ বৃদ্ধিৰ পিছত গছ সৰি পৰাত বিভিন্ন ঠাইত ৯ জন লোকৰ মৃত্যু হৈছে।
