সৰুপথাৰ বৈদ্যুতিক উপসংমণ্ডলৰ অন্তৰ্গত ২নং চুঙাজান গাঁৱত পাঁচদিন ধৰি ট্ৰেন্সফৰ্মাৰ বিকল। যাৰ ফলত উৎকট গৰমৰ বাবে যমৰ যান্ত্ৰনা ভুগিছে ৰাইজে। আদৰ্শ গাঁও হিচাবে চৰকাৰী পুৰস্কাৰ প্ৰাপ্ত ২নং চুঙাজান গাঁওখনত উক্ত ট্ৰেন্সফৰ্মাৰটোৰ লগত প্ৰায় ৩০ঘৰ মানুহ সাঙুৰ খাই আছে। পাঁচদিন ধৰি বিদ্যুৎ যোগান নথকাত গাঁওখনৰ ৰাইজৰ লগতে পঢ়ি থকা ছাত্ৰ-ছাত্ৰী সকলে বহুতো অসুবিধাৰ সন্মুখীন হৈছে। সেয়েহে উপায়হীন হৈ আজি গাঁওখনৰ ৰাইজ দলে বলে ওলাই আহে আৰু সৰুপথাৰ বিদ্যুৎ উপ সংমণ্ডলৰ লগতে ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত কাইলৈৰ ভিতৰত বিদ্যুত যোগান দিবলৈ দাবী জনাই একোখনকৈ আবেদন জনাই। তেওঁলোকে কয়, কাইলৈৰ ভিতৰত বিদ্যুৎ যোগান নিদিলে সকলো ৰাইজ মিলি ২নং চুঙাজান ব্লকৰ সৰুপথাৰ বোকাজান সংযোগী মুখ্য পথটি স্থানীয় ৰাইজে মিলি অৱৰোধ কৰাৰ হুংকাৰ প্ৰদান কৰে।