নাজিৰা মহকুমাধিপতি-ৰাজহ চক্ৰ বিষয়াক।

চাহ ও প্ৰাক্তন চাহ জনজাতি সমাজ,অসম শিৱসাগৰ জিলা সমিতিয়ে প্ৰদান নাজিৰা মহকুমাৰ মহকুমাধিপতি আৰু নাজিৰা ৰাজহ চক্ৰ বিষয়াক আবেদন পত্ৰ প্ৰদান কৰে। অসম চৰকাৰৰ দ্বাৰা ৰূপায়ণ কৰিবলগীয়া খিলঞ্জীয়া অসমীয়া মুছলিম সম্প্ৰদায়ৰ আৰ্থসামাজিক জৰীপ সম্পৰ্কত জলহা জনগোষ্ঠীৰ তৰফৰ পৰা মহকুমা ভিত্তিত জলহা জনগোষ্ঠীৰ চিনাক্তকৰণ আৰু সকলো প্ৰকাৰৰ সহযোগিতাৰ বাবে অসম চৰকাৰৰ দ্বাৰা সমাপন কৰিবলগীয়া আৰ্থসামাজিক জৰীপত জড়িত কৰিবলৈ চাহ ও প্ৰাক্তন চাহ জনজাতি জলহা সমাজ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চৰিফুল আলী,সদৌ জলহা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা নিজামুদ্দিন আহমেদ, সদৌ জলহা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হাফিজ আলী, চাহ ও প্ৰাক্তন চাহ জনজাতি জলহা সমাজ শিৱসাগৰ জিলা সমিতিৰ সভাপতি সোণজান আলী, সম্পাদক ইছাদ আলী, সহকাৰী সম্পাদক চহিদুল আলী, সদস্য জাকিৰ আলীসহ নাম অন্তৰ্ভুক্ত কৰিবলৈ নাজিৰা মহকুমাৰ মহকুমাধিপতি আৰু নাজিৰা ৰাজহ চক্ৰ বিষয়াক পৃথকে পৃথকে লিখিত আবেদন পত্ৰ দাখিল কৰে।অসম চৰকাৰৰ দ্বাৰা ৰূপায়ণ কৰা উক্ত জৰীপ যাতে নিয়াৰিকৈ সমপান কৰিব পাৰে আৰু কোনো জলহা সম্প্ৰদায়ৰ লোক উক্ত আৰ্থসামাজিক জৰীপত যাতে বাদ পৰি নাযায় তাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰি সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা ব্যক্তি সকলৰ প্ৰতি লক্ষ্য কৰি উক্ত জৰীপত অংশীদাৰ কৰিবলৈ সংগঠনৰ তৰফৰ পৰা আবেদন জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!