আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক হত্যাৰ চেষ্টা চলোৱাৰ পিছত টেছলাৰ মুৰব্বী ইলন মাস্কে মাৰ্ভেলৰ ছুপাৰহিৰো চৰিত্ৰ আইৰন মেনৰ দৰে ‘মেটাল ছুট ’ তৈয়াৰ কৰিব বিচাৰিছে।
যোৱা দেওবাৰে ছ’চিয়েল মিডিয়া এক্স (পূৰ্বৰ টুইটাৰ)ত এটা পোষ্টত ইলন মাস্কে কয় যে, “হয়তো এতিয়াই উৰন্ত ধাতুৰ চুটৰ কৱচ বনোৱাৰ সময়”। তেওঁৰ সুৰক্ষা বৃদ্ধিৰ সন্দৰ্ভত এজন ব্যৱহাৰকাৰীয়ে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ এইদৰে কয়।
এক্স ব্যৱহাৰকাৰী আৰু মাস্কৰ অনুৰাগীয়ে ২০২৪ চনৰ নিৰ্বাচনত ট্ৰাম্পক সমৰ্থন কৰিবলৈ টেছলাৰৰ মুৰব্বীগৰাকীক নিজৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিবলৈ পৰামৰ্শ দিছে।
মাস্কে কয়, “আগলৈ বহু বিপদ আছে।” “যোৱা আঠ মাহত দুজন লোকে ‘পৃথক সময়ত’ তেওঁক হত্যা কৰাৰ চেষ্টা কৰিছিল।”
মাস্কে লগতে দাবী কৰে যে টেক্সাছত থকা টেছলাৰ মুখ্য কাৰ্যালয়ৰ পৰা মাত্ৰ ২০ মিনিটৰ ড্ৰাইভত হত্যাৰ চেষ্টা চলোৱা আততায়ীক বন্দুকৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল।
ট্ৰাম্পৰ হত্যাৰ চেষ্টাৰ লগে লগে মাস্কে এনে মন্তব্য কৰে। ইয়াৰ পূৰ্বে তেওঁ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক ‘পূৰ্ণ’ সমৰ্থন আগবঢ়াইছিল।
ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি মাস্কে ট্ৰাম্পক নিৰ্বাচনত জয়ী হোৱাত সহায় কৰিবলৈ কাম কৰা ৰাজনৈতিক সমিতি আমেৰিকা পেকক দান আগবঢ়ায়। অৱশ্যে দানৰ পৰিমাণ জানিব পৰা হোৱা নাই।
তেওঁ কয় যে মই ৰাষ্ট্ৰপতি ট্ৰাম্পক সম্পূৰ্ণৰূপে সমৰ্থন কৰিছো আৰু তেওঁৰ আশু আৰোগ্য কামনা কৰিছো।
পেনচিলভেনিয়াত প্ৰচাৰ সভাত মঞ্চত উঠাৰ প্ৰায় ১৫ মিনিটৰ পিছতে ট্ৰাম্পক গুলীয়াইছিল যাৰ ফলত ট্ৰাম্পৰ সোঁ কানত লাগে। লগে লগে তেওঁক ঘেৰি ধৰি মঞ্চৰ পৰা আঁতৰাই অনা হয়।
কৰ্তৃপক্ষই জনোৱা মতে, এই সমাৱেশত এজন সমৰ্থক নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয়।
এই ঘটনা ৰোধ কৰাত ব্যৰ্থ হোৱাৰ বাবে ইলন মাস্কে ছিক্ৰেট চাৰ্ভিচক দোষাৰোপ কৰে।
অৱশ্যে এই আক্ৰমণৰ পিছত ড’নাল্ড ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্ট ট্ৰুথ ছ’চিয়েলত ছিক্ৰেট চাৰ্ভিচক ধন্যবাদো জনায়।