ভূমিস্খলনত বিধ্বস্ত ৱেইনাডত চলিছে মৃত্যুৰ শোভাযাত্ৰা। ধাৰাসাৰ বৰষুণৰ মাজতো উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত থকাৰ বাবে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। এই এই সময়লৈকে ৱায়ানাডত মৃত্যুৰ সংখ্যা ২৫৬ লৈ বৃদ্ধি পাইছে। এতিয়াও সন্ধানহীন হৈ আছে ২২০ জন লোক। কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে কয় যে ধ্বংসাৱশেষৰ পৰা ১০০০ লোকক উদ্ধাৰ কৰা হৈছে। ২০০ গৰাকী আহত লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

বৃহস্পতিবাৰে দুৰ্যোগগ্ৰস্ত অঞ্চল আৰু অস্থায়ী সাহায্য শিবিৰ পৰিদৰ্শন কৰিব ৱায়ানাদৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধী আৰু কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। বুধবাৰে সেই স্থানলৈ যাব বুলি জানিবলৈ দিয়ে। অৱশ্যে ধাৰাসাৰ বৰষুণৰ বাবে এই ভ্ৰমণ স্থগিত ৰখা হয়। আজি বিয়লিও সকলো কেবিনেট সদস্যৰ সৈতে বৈঠকত মিলিত হ’ব মুখ্যমন্ত্রী পিনাৰায়ী বিজয়নে৷

কেৰালাত আগন্তুক কেইদিনমানৰ বাবে প্ৰৱল বৰষুণৰ ৰঙা সতৰ্কবাণী দিয়া হৈছে। ৱেনাদৰ কাষৰীয়া অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলতো দুৰ্যোগৰ আশংকা। মঙলবাৰে ৱাণ্ডাৰৰ বিশাল অঞ্চল ভূমিস্খলনে নিঃশেষ কৰি পেলায়। বহু গাঁওবাসীক পানীয়ে উটুৱাই লৈ যায়। স্থানীয় ৰাইজে অঞ্চলটোৰ একাংশ শিক্ষানুষ্ঠান আৰু গীৰ্জাত আশ্ৰয় লৈছে। তাত বৰ্তমান চিকিৎসা চলি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!