উত্তৰাখণ্ডৰ লগতে হিমাচল প্ৰদেশো বৰষুণৰ ফলত প্ৰভাৱিত হৈছে। বৃহস্পতিবাৰে ছিমলা, কুল্লু, মাণ্ডীত ধাৰাসাৰ বৰষুণ হোৱাত বহু ঘৰ ভাঙি পৰাৰ লগতে নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ডুব গৈছে ৰাস্তা-ঘাট। দিনক দিনে বৃদ্ধি পাইছে মৃত আৰু নিৰুদ্দেশ লোকৰ সংখ্যা।

শেহতীয়া খবৰ অনুসৰি হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণৰ ফলত ৪ জন লোকৰ মৃত্যু হৈছে। কমেও ৫০ জন লোক সন্ধানহীন। কেৱল ছিমলাতে ৩৬জন লোক সন্ধানহীন হৈ আছে। ধাৰাসাৰ বৰষুণৰ ফলত তিনিখন জিলা বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। বহু বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয়ৰ ক্ষতিসাধন হৈছে। মাণ্ডিৰ থালটুখাৰ অঞ্চল, শিমলাৰ ৰামপুৰ আৰু কুল্লুৰ বৃহৎ অঞ্চলত আটাইতকৈ বেছি ক্ষতিসাধন হয়।

ইতিমধ্যে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে পূৰ্ণ শক্তিৰে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। বৃহস্পতিবাৰে হিমাচল প্ৰদেশৰ প্ৰায়বোৰ জিলাতে প্ৰচণ্ড বৰষুণৰ ৰেড সতৰ্কবাণী জাৰি কৰা হৈছে। তদুপৰি হৰপা বান, ভাঙি যোৱাৰ আশংকাও আছে।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!